নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ শেহতীয়াকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰা অসম–মিজোৰাম সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে দুয়ো ৰাজ্যহ এখনকৈ কমিটী গঠন কৰিব৷ শাসক–বিৰোধী উভয়পক্ষৰ প্রতিনিধিক সদস্য হিচাপে লৈ গঠন কৰিবলগীয়া দুহ ৰাজ্যৰ কমিটীয়ে নিৰৱচ্ছিন্ন আলোচনাৰ জৰিয়তে সীমা সমস্যাৰ স্থায়ী সমাধান সূত্র উলিয়াব৷ প্রয়োজনত সময়ে সময়ে দুহ ৰাজ্যৰ মাজত মুখ্যমন্ত্রী পর্যায়তো বৈঠক অনুষ্ঠিত হ’ব৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উদ্যোগত নতুন দিল্লীত অসম আৰু মিজোৰামৰ মুখ্যমন্ত্রী ক্রমে ড০ হিমন্ত বিশ্ব শর্মা আৰু জোৰামথাংগাৰ মাজত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত এহ সিদ্ধান্ত গ্রহণ কৰা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাহ বৈঠকৰ পাছত সাংবাদিকক এহ কথা অৱগত কৰে৷ লক্ষণীয়ভাৱে ৬এ কৃষ মেনন মার্গস্থিত কেন্দ্রীয় গৃহমন্ত্রীৰ চৰকাৰী বাসভৱনত সন্ধিয়া ৫ বজাৰ পৰা প্রায় এঘণ্টা ধৰি চলা বৈঠকখনত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রী তথা শীর্ষ বিষয়াসকলৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে অমিত শ্বাহে৷
পিছে ড০ শর্মাৰ ভাষাত– গোটেহ আলোচনা আজি অমিত শ্বাহৰ উদ্যোগতেহ হয়৷ তেওঁৰ অনুপ্রেৰণাতে আমি দুহ ৰাজ্যহ এহ সিদ্ধান্তত উপনীত হ’ব পাৰিছোঁ৷ তেওঁ লগতে কয় যে আজিৰ বৈঠকখন আছিল মুখ্যমন্ত্রী পর্যায়ৰ বৈঠক৷ বৈঠকত অসম আৰু মিজোৰামাৰ সীমা সমস্যাৰ বিষয়ত আলোচনা কৰা হয়৷ উভয় ৰাজ্যহ সীমান্তত শান্তি আৰু সদ্ভাৱনা বর্তাহ ৰখাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীৰ স্পষ্ট বক্তব্য– অসম–মিজোৰাম সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবেহ আজি কমিটী গঠনৰ সিদ্ধান্ত লোৱা হৈছে৷ প্রয়োজন সাপেক্ষে তেওঁ আৰু জোৰামথাংগাও সমান্তৰালভাৱে মুখ্যমন্ত্রী পর্যায়ৰ বৈঠকত মিলিত হ’ব৷ উদ্দেশ্য এটাহ– আমাক স্থায়ী সমাধান লাগে৷ সেহ কাৰণেহ কমিটীত বিৰোধী দলৰ প্রতিনিধিকো সামৰি লোৱা হৈছে৷ অসমৰ কমিটীখনত সদস্য কোন কোন হ’ব সেয়া অসম চৰকাৰে নির্ণয় কৰিব৷ ঠিক তেনেদৰে মিজোৰামৰ কমিটী মিজোৰাম চৰকাৰে নির্ধাৰণ কৰিব৷
উল্লেখ্য যে আগষ্ট মাহত অসম–মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত নতুন দিল্লীত দুয়ো ৰাজ্যৰ মুখ্য সচিবৰ মাজত অনুষ্ঠিত বৈঠকত সীমান্তৰ পৰা সমদূৰত্ব বজাই ৰখাৰ বাবে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল৷ পিছে উক্ত চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো সীমান্তৰ উত্তেজনা প্রশমিত হোৱা নাছিল৷ এহ সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীৰ বক্তব্য– ঘটনাটো হৈছে মুকলি সীমা৷ কেতিয়াবা কি হয়, অসমৰ গাঁৱৰ মানুহে মিজোৰামত সোমাহ কিবা কৰি দিয়ে, তাৰ পাছত মিজোৰামৰ গাঁৱৰ মানুহে অসমলৈ আহি কিবা কৰি দিয়ে৷ সংবাদ মাধ্যমত আহি যায় যে মিজোৰামে কৰিছে, অসমে কৰিছে৷ মিজোৰামৰ বাতৰিকাকততো ওলাহ থাকে যে অসমে মিজোৰামাৰ গাঁও দখল কৰিলে, ৰাস্তা খান্দি দিলে৷ যোৱা ছয় মাহ ধৰি এনে বাতৰিবোৰ আহি আছে৷ পিছে শান্তিপূর্ণভাৱেহ সীমা বিবাদৰ নিষ্পত্তি কৰি থকা হৈছে৷ –এনেদৰে কয় মুখ্যমন্ত্রীয়ে৷ উল্লেখ্য যে কালি দিল্লীস্থিত আছাম হাউছত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে নৈশভোজত মিলিত হৈছিল৷ পিছে কালিৰ সাক্ষাৎকালত সীমা সমস্যাক লৈ কোনো ধৰণৰ কথা হোৱা নাছিল বুলি মুখ্যমন্ত্রী ড০ শর্মাহ আজি দোহাৰি কয় যে কালিৰ বৈঠকত কোনো ধৰণৰ চৰকাৰী কথা হোৱা নাছিল৷ আজি কেন্দ্রীয় গৃহমন্ত্রীজনৰ বাসভৱনত হোৱা বৈঠকখনেহ হৈছে চৰকাৰী পর্যায়ৰ বৈঠক৷