নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে গঠন কৰিব একোখনকৈ কমিটী

অমিত শ্বাহৰ উপস্থিতিত ড০ শর্মা–জোৰামথাংগাৰ বৈঠক

নিয়মীয়া বাৰ্তা   ২৭ নৱেম্বৰঃ শেহতীয়াকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰা অসম–মিজোৰাম সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে দুয়ো ৰাজ্যহ এখনকৈ কমিটী গঠন কৰিব৷ শাসক–বিৰোধী উভয়পক্ষৰ প্রতিনিধিক সদস্য হিচাপে লৈ গঠন কৰিবলগীয়া দুহ ৰাজ্যৰ কমিটীয়ে নিৰৱচ্ছিন্ন আলোচনাৰ জৰিয়তে সীমা সমস্যাৰ স্থায়ী সমাধান সূত্র উলিয়াব৷ প্রয়োজনত সময়ে সময়ে দুহ ৰাজ্যৰ মাজত মুখ্যমন্ত্রী পর্যায়তো বৈঠক অনুষ্ঠিত হ’ব৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উদ্যোগত নতুন দিল্লীত অসম আৰু মিজোৰামৰ মুখ্যমন্ত্রী ক্রমে ড০ হিমন্ত বিশ্ব শর্মা আৰু জোৰামথাংগাৰ মাজত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত এহ সিদ্ধান্ত গ্রহণ কৰা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাহ বৈঠকৰ পাছত সাংবাদিকক এহ কথা অৱগত কৰে৷ লক্ষণীয়ভাৱে ৬এ কৃষ মেনন মার্গস্থিত কেন্দ্রীয় গৃহমন্ত্রীৰ চৰকাৰী বাসভৱনত সন্ধিয়া ৫ বজাৰ পৰা প্রায় এঘণ্টা ধৰি চলা বৈঠকখনত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রী তথা শীর্ষ বিষয়াসকলৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে অমিত শ্বাহে৷

পিছে ড০ শর্মাৰ ভাষাত– গোটেহ আলোচনা আজি অমিত শ্বাহৰ উদ্যোগতেহ হয়৷ তেওঁৰ অনুপ্রেৰণাতে আমি দুহ ৰাজ্যহ এহ সিদ্ধান্তত উপনীত হ’ব পাৰিছোঁ৷ তেওঁ লগতে কয় যে আজিৰ বৈঠকখন আছিল মুখ্যমন্ত্রী পর্যায়ৰ বৈঠক৷ বৈঠকত অসম আৰু মিজোৰামাৰ সীমা সমস্যাৰ বিষয়ত আলোচনা কৰা হয়৷ উভয় ৰাজ্যহ সীমান্তত শান্তি আৰু সদ্ভাৱনা বর্তাহ ৰখাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীৰ স্পষ্ট বক্তব্য– অসম–মিজোৰাম সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবেহ আজি কমিটী গঠনৰ সিদ্ধান্ত লোৱা হৈছে৷ প্রয়োজন সাপেক্ষে তেওঁ আৰু জোৰামথাংগাও সমান্তৰালভাৱে মুখ্যমন্ত্রী পর্যায়ৰ বৈঠকত মিলিত হ’ব৷ উদ্দেশ্য এটাহ– আমাক স্থায়ী সমাধান লাগে৷ সেহ কাৰণেহ কমিটীত বিৰোধী দলৰ প্রতিনিধিকো সামৰি লোৱা হৈছে৷ অসমৰ কমিটীখনত সদস্য কোন কোন হ’ব সেয়া অসম চৰকাৰে নির্ণয় কৰিব৷ ঠিক তেনেদৰে মিজোৰামৰ কমিটী মিজোৰাম চৰকাৰে নির্ধাৰণ কৰিব৷

উল্লেখ্য যে আগষ্ট মাহত অসম–মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত নতুন দিল্লীত দুয়ো ৰাজ্যৰ মুখ্য সচিবৰ মাজত অনুষ্ঠিত বৈঠকত সীমান্তৰ পৰা সমদূৰত্ব বজাই ৰখাৰ বাবে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল৷ পিছে উক্ত চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো সীমান্তৰ উত্তেজনা প্রশমিত হোৱা নাছিল৷ এহ সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীৰ বক্তব্য– ঘটনাটো হৈছে মুকলি সীমা৷ কেতিয়াবা কি হয়, অসমৰ গাঁৱৰ মানুহে মিজোৰামত সোমাহ কিবা কৰি দিয়ে, তাৰ পাছত মিজোৰামৰ গাঁৱৰ মানুহে অসমলৈ আহি কিবা কৰি দিয়ে৷ সংবাদ মাধ্যমত আহি যায় যে মিজোৰামে কৰিছে, অসমে কৰিছে৷ মিজোৰামৰ বাতৰিকাকততো ওলাহ থাকে যে অসমে মিজোৰামাৰ গাঁও দখল কৰিলে, ৰাস্তা খান্দি দিলে৷ যোৱা ছয় মাহ ধৰি এনে বাতৰিবোৰ আহি আছে৷ পিছে শান্তিপূর্ণভাৱেহ সীমা বিবাদৰ নিষ্পত্তি কৰি থকা হৈছে৷ –এনেদৰে কয় মুখ্যমন্ত্রীয়ে৷ উল্লেখ্য যে কালি দিল্লীস্থিত আছাম হাউছত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে নৈশভোজত মিলিত হৈছিল৷ পিছে কালিৰ সাক্ষাৎকালত সীমা সমস্যাক লৈ কোনো ধৰণৰ কথা হোৱা নাছিল বুলি মুখ্যমন্ত্রী ড০ শর্মাহ আজি দোহাৰি কয় যে কালিৰ বৈঠকত কোনো ধৰণৰ চৰকাৰী কথা হোৱা নাছিল৷ আজি কেন্দ্রীয় গৃহমন্ত্রীজনৰ বাসভৱনত হোৱা বৈঠকখনেহ হৈছে চৰকাৰী পর্যায়ৰ বৈঠক৷

You might also like