পঞ্চভূতত বিলীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ  আধুনিক অসমৰ স্ৰষ্টা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অৱশেষত পঞ্চভূতত বিলীন হ’ল। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰে পিতৃ তৰুণ গগৈৰ। সকলো ৰীতি-নীতিৰ মাজেৰে সম্পন্ন কৰা হয় তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া।

নৱগ্ৰহত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি শাসক বিৰোধীৰ কেইবাজনো নেতা। তাতেই শেষ শ্ৰদ্ধা জনাই সকলোৱে।

Featured