লখিমপুৰত ৬ এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী সভা

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব লখিমপুৰ লৈ। অহা ৬ এপ্ৰিলত তেওঁ ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত তেওঁ এখন জনসভা সম্বোধন কৰিব। এই লৈ বিজেপি দলে ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতিত দলটো উঠিপৰি লাগিছে। শুকুৰবাৰে লখিমপুৰৰ জিলা বিজেপিৰ কাৰ্য্যালয়ত এই সন্দৰ্ভত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়। সভাখনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী ৰণোজ পেগু, বিধায়ক মানৱ ডেকা, ভুৱন পেগু, নৱ দলে, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা আদিয়ে অংশগ্রহণ কৰে। সভাত গৃহমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰি বিভিন্নজনক দায়িত্ব অৰ্পণ কৰা হয়। সভাত অংশগ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই সাংবাদিকক কয় সমগ্র দেশ এতিয়া মোদীময় হৈ আছে। বিভিন্ন ৰাজ্যৰ দৰে অসমতো একেই পৰিবেশ। বিজেপি আৰু মিত্র জোটৰ প্ৰাৰ্থী এই নিৰ্বাচনত বিপুল ভোটত জয়ী হব বুলি কয়। তেও কয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰিব লগীয়া সভাখনে উত্তৰ অসমত ব্যাপক যোগাত্মক প্ৰভাৱ পেলাব। ভাৰতবৰ্ষত অভূতপূৰ্ব বিকাশ হৈছে। অসমতো বিকাশৰ জয়যাত্ৰা। তাৰ বাবে ৰাইজ বিজেপিৰ পক্ষত আছে আৰু এই নিৰ্বাচনত বিজেপি আৰু মিত্রজোটে অভূতপূর্ব সফলতা লাভ কৰিব। নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হব বুলিও মন্তব্য কৰে সভাপতি ভবেশ কলিতাই। উল্লেখ্য লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সন্মুখত আছে শক্তিশালী ব্যক্তিত্বৰ কংগ্রেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা। আনহাতে বিগত সময়ৰ কামকাজৰ প্ৰতি লক্ষ্য কৰি সমষ্টিৰ ৰাইজে এশ শতাংশ সফল সাংসদ হিচাপে প্ৰদান বৰুৱাক স্বীকৃতি নিদিয়ে বুলি ৰাইজৰ মাজত চৰ্চা চলিছে। বিজেপিক ভাল পালেও দলীয় সাংসদজনক লৈ সমষ্টিৰ একাংশ ভোটাৰ অসন্তুষ্ট। বিজেপি দলে হয়তো এই কথাৰ উমান পাইছে। সেয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্রহণেৰে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্রেছক বাধা দিব খুজিছে। গৃহমন্ত্ৰীয়ে প্ৰচাৰ চলাই দলীয় প্ৰাৰ্থীক উদ্ধাৰ কিমানদুৰ সফল হব নাইবা কংগ্রেছ দলে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সুযোগৰ সদ্ব্যবহাৰ কৰি কেনেকৈ জনাদেশ অনুকূলে আনিবলৈ সক্ষম হব সেইয়া ১৯ এপ্ৰিলত সমষ্টিটোৰ ১৫ লক্ষ্যাধিক ভোটাৰে স্পষ্ট কৰি দিব।

প্ৰেৰক জীৱন গোস্বামী

Featured