কবৰৰ পৰা খন্দা হ’ব খড়গপুৰ আইআইটিত মৃত্যু হোৱা মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ !

  • কলকতাৰ পৰা আহিব বিশেষ তদন্তকাৰী দল!

নিয়মীয়া বাৰ্তা, ২১ মে’: খড়গপুৰ আইআইটিত মৃত্যু হোৱা মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ ডিব্ৰুগড়ত সমাধিস্থ কৰা কবৰৰ পৰা খন্দা হ’ব।কলকতাৰ পৰা অহা এক বিশেষ তদন্তকাৰী দলৰ উপস্থিতিত এই কাৰ্য কালি পুৱাৰ ভাগত সমাপন হোৱাৰ কথা।সেই সূত্ৰে আজি ফাইজানৰ মাতৃ তথা তিনিচুকীয়াৰ গেলাপুখুৰী চান্দমাৰি তিনিআলিৰ নিৱাসী ৰেহেনা বেগম ডিব্ৰুগড়ত উপস্থিত হয়।মাতৃ ৰেহেনাই আজি সংবাদ মাধ্যমৰ আগত কয়—- ‘মোৰ লৰা ইমান কাপুৰুষ নহয় যে চুইচাইড কৰিব।এয়া পুলিচৰ চূড়ান্ত গাফিলতি!প্ৰথমে পুলিচে চুইচাইড বুলি কলে।তাৰ পাছত না-না বেবেৰিবাং কথা।কোনো কথাই গ্ৰহণযোগ্য নহয়।সেয়ে আমি আদালতত গোচৰ দাখিল কৰো।উচ্চ ন্যায়লয়ৰ মহামান্য ন্যায়ধীশ মাণ্ঠাই সমগ্ৰ ঘটনা তদাৰক কৰিছে।তেওঁ এয়া চুইচাইড নহয় বুলি কৈছে।ন্যায়ধীশ মাণ্ঠাই সকলো ৰিৰ্পট চাই কৈছে যে এয়া কোনো পধ্যেই চুইচাইড হব নোৱাৰে।এয়া মাৰ্ডাৰ।পুলিচে আৰু পষ্টমৰ্টেমত বহুত গাফিলতি কৰিছে।খড়গপুৰৰ আইআইটিৰ লগত পুলিচ মেনেজ হৈ সকলো খেলিমেলি কৰিলে।পষ্টমৰ্টেম কোনো নীতি-নিয়মৰ আধাৰত কৰা হোৱা নাছিল বুলিও ৰেহেনা বেগমে উল্লেখ কৰে।সেয়ে উচ্চ ন্যায়লয়ৰ ন্যায়ধীশ মাণ্ঠাই ফৰেনচিক চিকিৎসকৰ উদ্ধৃতি দি কয় যে পুনৰ দ্বিতীয় বাৰৰ বাবে ফাইজানৰ মৃতদেহটো পষ্টমৰ্টেম কৰা হব।কিন্তু পুলিচে সেয়াও নামানিলে বা নকৰিলে।সেয়ে ন্যায়লয়ে অহা ১০ দিনৰ ভিতৰতে মৃতদেহটো পষ্টম বাবেমৰ ফৰেনচিকত জমা দিয়াৰ চোকা নিৰ্দেশ দিয়ে।সেয়ে এতিয়া বিশেষ তদন্তকাৰীৰ দল আহিছে বুলি ৰেহেনা বেগমে সাংবাদিকৰ আগত উল্লেখ কৰি পুনৰাই কয় যে ফাইজানৰ শৰীৰত বহু আঘাতৰ চিহ্ন সুস্পষ্ট আছিল যদিও পষ্টমৰ্টেম ৰিপৰ্টত সেয়া উল্লেখ নাছিল।থানাত দিয়া অভিযোগ তেনেদৰেই পেলাই থৈছিল।মৃতদেহ অনাৰ পূৰ্বে ফটো লোৱাৰ বিষয়ত,আৰক্ষীয়ে সকলো ফটো ডিলিট কৰি দিয়া ভাষ্যও আছিল ৰহস্যজনক।ৰেগিং কাণ্ডৰ বাবেই শত্ৰুতা হব পাৰে বুলি দৃঢ়তাৰে কৈ যি কেইজন লৰাই তাক ৰেগিং কৰিছিল,সেই বিষয়ে ফাইজানে কতৃপক্ষক স্পষ্টকৈ জনোৱাৰ বাবেই হয়তো সি অকাল মৃত্যুক সাৱতি লব লগা হল–ফাইজানৰ মাতৃ ৰেহেনাই কয়।উল্লেখ্য যে ২০২২ বৰ্ষৰ ১৪ অক্টোবৰত ৰহস্যজনক অৱস্থাত আই আই টি খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়া চহৰৰ ছাত্ৰ ফাইজান আহমেদৰ অৰ্ধগলিত মৃতদেহ হোষ্টেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ভাৰততে সৃষ্টি কৰিছিল চাঞ্চ্যলৰ।

মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল ফাইজান। আই আই টি চৌহদৰ ভিতৰত অৱস্থিত লালা লাজপত ৰায় হলৰ সমীপৰ এটা বন্ধ কোঠাৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰাৰ পিছতে তেওঁৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহে।আজি পৰ্যন্ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। ঘটনা সংঘটিত হোৱা দিন ধৰি প্ৰায় সাতমাহ উকলি যোৱাৰ পাছত ফাদিল হৈছে যে ফাইজান আহমেদক হত্যা কৰা হৈছিল।পৰিয়ালৰ লোকে ছাত্ৰজনক হত্যা কৰা বুলি আদালতৰ দাৰস্থ হোৱাৰ পিছতে ন্যায়ালয়ে ২৫ এপ্ৰিলত মৃতদেহ পুনৰ পৰীক্ষাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছিল।

আনহাতে তদন্তৰ সময়ত ফৰেনচিক চিকিৎসকগৰাকীৰ অনুসৰি মৰণোত্তৰ পৰীক্ষা সময়ত কৰা ফটোগ্ৰাফীত কিছু বিসংগতি দেখা গৈছিল। মৃতদেহটোত আঘাট প্ৰাপ্ত ঠাই সমূহৰ কোনো ফটোগ্ৰাফী কৰা হোৱা নাছিল।চিকিৎসগৰাকীৰ এইক্ষেত্ৰত কিছু সন্দেহ ওপজাত তেখেতে ফাইজানৰ মৃত্যু আত্মহত্যা নহয় হত্যাহে বুলি উল্লেখ কৰি মৃতদেহটো পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন জনায়।এই আবেদনৰ শুনানি স্বৰূপে কলকাতা উচ্চ ন্যায়ালয়ে ফাইজানৰ মৃত্যু হত্যাকাণ্ড বুলি এক গুৰুত্বপূৰ্ণ ৰায় দিয়াৰ লগতে এমাহৰ ভিতৰতে কঠোৰ নিৰাপত্তাৰ মাজত পুনৰ মৃতদেহটো কবৰ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে কলকাতালৈ অনাৰ নিৰ্দেশ জাৰি কৰে।সেই অনুসৰি ডিব্ৰুগড়ত কলকতাৰ এক বিশেষ তদন্তকাৰীৰ দল উপস্থিত হোৱাৰ কথা।ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই জানিব দিয়া অনুসৰি বতমানলৈ এই বিষয়ত কলকতা আৰক্ষীয়ে কোনো যোগাযোগ কৰা নাই।সম্ভৱত কালিলৈ যোগাযোগ কৰিব পাৰে বুলি সদৰী কৰে।তদন্তকাৰী দল উপস্থিত হোৱাৰ পাছতেই ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ফাইজানৰ মাতৃ উপস্থিত হৈ অসম মেডিকেল কলেজৰ ফৰেনচিক চিকিৎসকৰ সহায়ত মৃতদেহটো কবৰৰ পৰা খন্দা হব।উল্লেখ্য যে ২০২২ৰ ১৬ অক্টোবৰত ডিব্ৰুগড়ৰ আমোলাপট্টী কৱৰস্থানত কবৰস্থ কৰা হৈছিল ফাইজানৰ মৃতদেহ।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।