নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ৰূপবৰণ চিত্ৰ কলা বিদ্যালয়ৰ এটি কেন্দ্ৰ ফুলনিৰ শংকৰদেৱ শিশু নিকেতন ত আজি শুভাৰম্ভ কৰা হয়।মাজুলীত যোৱা ২৩টা বছৰে কলা শিক্ষা প্ৰদান কৰি অহা ৰূপবৰণ চিত্র কলা বিদ্যালয়ৰ উক্ত শাখাটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কবি জয়ন্ত হাজৰিকাই। আজি বিয়লি ৩ বজাৰ পৰা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত মাজুলী ৰূপবৰণ ৰ অধ্যক্ষ দীপু বৰাই বিদ্যালয়ৰ উদ্দেশ্য আৰু সামগ্ৰিক পৰিকল্পনা সন্দৰ্ভত বিতংক ব্যাখ্যা আগবঢ়াই।সভাত ৰূপবৰণ কমলাবাৰী, গড়মূৰৰ কেইবাগৰাকী শিক্ষক আৰু অভিভাৱক উপস্থিত থাকে। আজি নামভৰ্ত্তি কৰা ১২গৰাকী ছাত্ৰ ছাত্ৰীক চিত্ৰকলাৰ প্ৰাথমিক ধাৰণা বিষয়ে পাঠদান আগবঢ়োৱা হয়।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড