জাগুনত পিতৃৰ কোঠাৰ ঘাপত প্ৰাণ গল পুত্ৰৰ

 

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ- জাগুনত আজি সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড পিতৃৰ কোঠাৰ ঘাপত প্ৰাণ গল পুত্ৰৰ।জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন গাঁৱৰ এখন ব্যক্তিগত চাহ বাগিচাত সংঘটিত হৈছে এই হত্যাকাণ্ড। ভাত খাই থকা অৱস্থাত পিছফালৰ পৰা পিতৃয়ে কোঠাৰেৰে মূৰত আঘাত কৰি হত্যা কৰে নিজৰ পুত্ৰক। হত্যাকাৰী পিতৃ নাম দিনা কৰুৱা (৬৫), পুত্ৰৰ নাম বিজয় কৰুৱা বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত জাগুন আৰক্ষী উপস্থিত হৈ হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। পুত্ৰৰ সৈতে পিতৃৰ কিবা কথাকলৈ মতান্তৰ হোৱাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ’ল বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে। হত্যাকাণ্ডৰ ফলত জাগুন অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে বিজয় কৰুৱাৰ মৃত্যুত শোঁ‌কৰ ছাঁ পৰিছে।

Featured