গণৰাজ্য দিৱসত জেচিবি ইণ্ডাষ্ট্ৰীজৰ নাৰীত্ব উদযাপনঃ সহস্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিলে ‘আদ্যা’

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ৭২সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসমৰ অন্যতম উদ্যোগ খণ্ড জে চি বি ইণ্ডাষ্ট্ৰিজে গুৱাহাটীত বিভিন্ন ঠাইত বিতৰণ কৰে জেচিবি আদ্যা ছেনিটাৰী পেড। জে চি বিয়ে নাৰীকল্যাণমূলক কাৰ্যসূচী ৰূপে গণৰাজ্য দিৱসত নাৰীত্ব উদযাপনৰ অৰ্থে গুৱাহাটীৰ বিভিন্ন কলেজ-বিদ্যালয়-প্ৰতিষ্ঠানৰ লগতে হোষ্টেল-গেষ্ট হাউছৰ ছাত্ৰীৰ মাজত বিতৰণ কৰে ছেনিটেৰী পেড।

উদ্যোগটোৰ পৰা যোৱা দুটা দলে এই বিতৰণ কাৰ্যসূচীত ভাগ লয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৩,৫ আৰু ৭নং ছাত্ৰী নিৱাসৰ লগতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, এছিয়ানা গাৰ্ল হোষ্টেল, চাংৰিলা গাৰ্ল হোষ্টেল, শুভিভান গাৰ্ল হোষ্টেল,

আঞ্চলিক দন্ত মহাবিদ্যালয়, জি আই এম টি কলেজ হোষ্টেল, আয়ুৰ্বেদিক হাস্পতাল, আয়ুৰ্বেদিক কলেজ হোষ্টেল, শিশু কল্যাণ জালুকবাৰী,এছঅ’এছ ভিলেজ, ললিত চন্দ্ৰ ভৰালী কলেজ হোষ্টেল, আপ্য়ায়ন পেয়িং গেষ্ট, কটন বিশ্ববিদ্যালয়, ইউ এছ টি এম আৰু আজৰা আৰু জালুকবাৰীৰ দুঠাইত ছেনিটেৰী পেড বিতৰণ কৰে।

জেচিবি ইণ্ডাষ্ট্ৰীজৰ ধ্ৰুৱজ্যোতি শৰ্মাই এই সম্পৰ্কত উল্লেখ কৰে যে আদ্যা ছেনিটেৰি পেড বিতৰণৰ সময়ত ইণ্ডাষ্ট্ৰীটোৰ এই উদ্যোগক সকলোৱে প্ৰশংসা কৰাৰ লগতে শলাগ লয়।

অসমত স্থানীয়ভাৱে উৎপাদিত ছেনিটেৰি পেড আদ্যাই ভৱিষ্যতেও নাৰীকল্যাণমূলক কাৰ্যসূচীৰে আগুৱান হ’ব বুলি আশা প্ৰকাশ কৰে সকলোৱে।