ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডলৈ যোৰহাটৰ অংকুৰ শইকীয়া

নবজ্যোতি তামুলী, চিনামৰাঃ অহা ১৮-২০ জুনৰ পৰা দিল্পীত অনুস্থিতব্য ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডত অসমৰ হৈ যাবলগা দলটোত যোৰহাটৰ অংকুৰ শইকীয়াই প্ৰতিনিধিত্ব কৰিবলৈ পাই যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। শেহতীয়াকৈ যোৱা ২৯ৰ পৰা ৩১ মে’লৈ গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ৰাজ্যিক যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰি অংকুৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ষষ্ঠ শ্ৰেনীৰ পৰাই যোগাভ্যাস আৰম্ভ কৰা অংকুৰ শইকীয়া জগদুৱাৰ শংকদেৱ মাধ্যমিকৰ ছাত্ৰ আৰু কাকতি গাঁও নিবাসী ৰঞ্জীত শইকীয়া আৰু কুঞ্জ কাকতি শইকীয়াৰ পুত্ৰ। প্ৰশিক্ষক মৃদুল চুতীয়া আৰু সুজাতা শৰ্মাৰ ওচৰত যোগৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অংকুৰলৈ যোৰহাটবাসীয়ে শুভেচ্ছা জনাইছে।