কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গণৰাজ্য দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ৰাজ্যৰ আন চৰকাৰী কাৰ্যালয়ৰ লেখিয়াকৈ কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়তো ৭৪সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ উলুবাৰীস্থিত কাৰ্যালয়ৰ চৌহদত আন বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত কালি পুৱা ত্ৰিৰংগা পতাকা উত্তোলন কৰে জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰীয়ে। পতাকা উত্তোলন কৰি সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ইপিনে, কামৰূপ মহানগৰ কৃষি বিভাগৰ অন্তৰ্গত সোণাপুৰ আৰু চন্দ্ৰপুৰ কৃষি চক্ৰৰ সমল কেন্দ্ৰতো স্থানীয় কৃষি উন্নয়ণ বিষয়াদ্বয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গণৰাজ্য দিৱস পালন কৰে।

Featured