মেঘালয়ত শান্তিপূৰ্ণভাৱে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন

মেঘালয়ৰ তুৰাৰ পৰা প্ৰীতম বায়ন, ১৯ এপ্ৰিল : মেঘালয়ত শান্তিপূৰ্ণভাৱে পূৰ্ণগতিত চলিছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত আজি মেঘালয়তো ৰাজ্যখনত থকা মুঠ দুটা সমষ্টি শ্বিলং, তুৰা সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোট গ্ৰহণ চলি আছে ৷ উল্লেখযোগ্য যে, তুৰা সমষ্টিত ভোটদান হাৰ দুপৰীয়ালৈ ২৯% অতিক্ৰম কৰিছে। পুৱাই তুৰা সমষ্টিত থকা নিজা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ নিজে গাড়ী চলাই আহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। লগতে পুৱাই নিজা ভোটাধিকাৰ সাব্যস্ত কৰে তুৰা লোকসভা সমষ্টিৰ এনপিপিৰ প্ৰাৰ্থী আগাথা চাংমাই। বৰ্তমানৰ তুৰাৰ সাংসদ আগাথা চাংমা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভগ্নী ৷ দুয়ো লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ এ চাংমাৰ সন্তান। আজি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজেই বাহন চলাই আহি ভোট সাব্যস্ত কৰিলে। নিজৰ বাহন চালক, কৰ্মী, সহযোগী তথা একাংশ নিৰাপত্তাৰক্ষীক ভোটদান কৰিবলৈ উৎসাহিত কৰি কৰ্ম বিৰতি দিয়ে। সেয়েহে মূখ্যমন্ত্ৰীগৰাকীয়ে নিজেই পুৱাই বাহন চলাই আহি ভোটদান কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ভোটদান কৰিবলৈ শাৰী পাতি মেঘালয়ৰ ২নং তুৰা লোকসভা সমষ্টিৰ বাবে ৱাৰবাগগ্ৰে প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত শাৰী পাতি থকা দেখা গ’ল মেঘালয়ৰ। মেঘালয়ৰ ২নং লোকসভা সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা শাৰী পাতিছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। তুৰাৰ ৱালবাগগ্ৰে প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে আগাথা চাংমাই।

Featured