ৰাজ্যত শান্তিৰ পৰিৱেশৰ ৰূপকাৰ মোদী চৰকাৰ : মুখ্যমন্ত্ৰী

🎯আকৰ্ষণীয় স্থিতিত নগাঁও লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ

🎯উৰুলি ধ্বনিৰে সুৰেশ বৰাক আশীৰ্বাদ মহিলাৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯নং নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়। তিনিখনকৈ নিৰ্বাচনী অংশগ্ৰহণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰথমতে নগাঁও জিলাৰ ভোটাইগাঁও খেলপথাৰত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক লগত লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্বাচনী সভাত অংশ লবলৈ আহি মঞ্চত নাচি বাগি সকলোকে উৎসাহিত কৰে। ইয়াৰ পিছতে এক দীঘলীয়া নিৰ্বাচনী ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় এই নিৰ্বাচন ভবিষ্যতে ভাৰতৰ কোন প্ৰধানমন্ত্ৰী হ’ব তাৰ সিদ্ধান্ত লোৱাৰ নিৰ্বাচন। ৰাজ্যখনক বিকাশৰ পথলৈ লৈ যাবলৈ হলে এই নিৰ্বাচনত পদুম ফুলৰ ছবিত ভোট দি নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে আমি পাব লাগিব। ভাষণ প্ৰসংগত তেওঁ আৰু কয় ২০১৪ চনৰ আগৰ প্ৰতিটো দিনতে আন্দোলন হৈছিল, ধৰ্ণা, গুলি, বাৰুদ, বোমা বিস্ফোৰণ, বড়ো আন্দোলন, কাৰ্বি আন্দোলন, আদিবাসী আন্দোলন, আলফাৰ আন্দোলন আদিৰে অসমখন ধুৱলি কুৱলি হৈ আছিল। এনে পৰিবেশৰ পিছত মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে অসমলৈ শান্তি ঘূৰি আহিল। বড়ো চুক্তি হ’ল, ডিমাছা চুক্তি হ’ল, আলফাৰ লগত শান্তিৰ চুক্তি হৈ দেশখন শান্তি,প্ৰগতি আৰু বিকাশৰ পিনে আগুৱাই গ’ল।আগতে আমি বোমা বিস্ফোৰণৰ মাজত বহাগ বিহু পালন কৰিছিলো। বৰ্তমান সময়ত কুলি কেতেকীৰ মাতত আমি বহাগ বিহু পালন কৰিব পাৰিছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও অভিলাষী আঁচনিৰ কথা উল্লেখ কৰি কভিডৰ ভেকচিন, বিপদৰ সময়ত আয়ুস্মান কাৰ্ডকে ধৰি বহু কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় এইবাৰ চৰকাৰ গঠন হোৱাৰ পিছতেই প্ৰতিগৰাকী মহিলাক চাৰভাইভেল কেঞ্চাৰৰ প্ৰতিষেধক দিয়াৰ কথা উল্লেখ কৰে। এনেক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে মানুহৰ সমস্যা ইমান ভিতৰলৈ গৈ চিন্তা কৰি সমাধানৰ ব্যৱস্থা কৰিছে আগতে এনেধৰণৰ কাম কোনো চৰকাৰে কৰিব পৰা নাই আৰু ভবিষ্যতেও নোৱাৰে বুলি উল্লেখ কৰে। ডিঙিত গামোছা লৈ অসমীয়াক সন্মান কৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰাৰ লগতে ২৭ বাৰকৈ অসম ভ্ৰমণ কৰাৰ উপৰিও কাজিৰঙাত নিশা যাপন কৰিছে। অসমত ডাবল ইঞ্জিন চৰকাৰ। এই চৰকাৰে অসমৰ চাৰিওফালে উত্তৰণৰ বাবে কাম কৰিছে। এক লাখ লৰা ছোৱালীক ঘোচ নিদিয়াকৈ চাকৰি পালে। ইয়াৰ পিছত আৰু পঞ্চাশ হাজাৰ লৰা ছোৱালীক চৰকাৰী চাকৰি দিয়া হ’ব। অৰুণোদয় আঁচনিৰ সম্পৰ্কে উল্লেখ কৰি ড০ শৰ্মাই কয় ৰেচন কাৰ্ড যি পৰিয়ালে পোৱা নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ’ব আৰু ৰেচন কাৰ্ড থকা সকলো মহিলাক অৰুণোদয় আঁচনিৰে সামৰি লোৱা হ’ব।ইফালে যিসকল লাখপতি বাইদেউয়ে দহ হাজাৰ টকাৰ কাৰণে আবেদন কৰিছে তেওঁ লোকৰ একাউন্টত নিৰ্বাচনৰ পিছতেই পুতুংকৈ দহ হাজাৰ পকা সোমাই যাব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যি সকলে এই দহ হাজাৰ টকাৰে কাম কৰে তেওঁ লোকক পুনৰ ২৫ হাজাৰ টককৈ দিয়া হ’ব। ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ কথা উল্লেখ কৰি তেওঁ কয় সকলো লৰা ছোৱালী কলেজত গৈ উচ্চ শিক্ষা লব লাগিব। লাহে লাহে অসমত বহু কল,কাৰখানা,অফিচ আহি আছে সেই কাৰণে আমাক বহুত শিক্ষিত লৰা ছোৱালীৰ প্ৰয়োজন আছে।সেই কাৰণে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত নামভৰ্তিৰ মাচুল বিনামূলীয়া বুলি উল্লেখ কৰি ছাত্ৰী সকলৰ পঢ়াৰ দায়িত্ব তেওঁ চৰকাৰে লব বুলি ঘোষণা কৰে।যিসকল ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিব তেওঁলোকক ১০০০০, মাজত ১২৫০০ টকা আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে প্ৰতি বছৰত ২৫০০০ টকাকৈ একাউন্টত দিয়া হ’ব বুলি উল্লেখ কৰে।প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰত হোৱা দুৰ্নীতি ৰোধ কৰিবলৈ এইবাৰ ঘৰৰ জিঅ টেগৰ কাম পঞ্চায়তৰ কৰ্মচাৰীৰ পৰিবৰ্তে মহিলা আত্মসহায়ক গোটৰ সদস্য দিয়া হব বুলি উল্লেখ কৰে। ইফালে দৰিদ্ৰ পৰিয়ালৰ মূৰব্বী জনক চৰকাৰে প্ৰিমিয়াম দি স্বাস্থ্য আৰ জীৱন বীমা কৰি দিব বুলি উল্লেখ কৰি তেওঁ এইক্ষেত্ৰত মুৰব্বী জনৰ মৃত্যু হলে পৰিয়ালে কেইবালাখ টকা পাবলৈ সক্ষম হব বুলি কয়।কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় কংগ্ৰেছৰ দিনত এ চি এছ পাবলৈ এক কোটি পৰ্য্যন্ত টকা দিব লাগিছিল। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত বহু দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীয়ে এনেধৰণৰ চাকৰি পাবলৈ সক্ষম হৈছে।বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় এখন ৰেলগাড়ী আগত মোডী পিছত মই নিজে, মাজত ৰূপক শৰ্মা আৰু সুৰেশ বৰা হলে ৰেলখন ১২০ স্পীডত চলিব। যদি কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ হয় তেনেহলে আমি আগলৈ টানিলে তেওঁ পিছলৈ টানিব। গতিকে প্ৰদ্যুৎ বৰদলৈক ভোট দি লাভ নাই বুলি কটাক্ষ কৰে।কংগ্ৰেছ পুৰণা টকা, দিল্লীতো নচলে দিছপুৰতো নচলে।গতিকে পদুম ফুলৰ ছবিত ভোট দি সুৰেশ বৰাক দিল্লীলৈ পঠাবলৈ মুখ্যমন্ত্ৰীয়ে ভোটাৰ ৰাইজক আহ্বান জনায়।প্ৰায় দহ সহস্ৰাধিক ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মহিলা সকলে সুৰেশ বৰাক উৰুলি দি জয়যুক্ত হবলৈ আহ্বান জনায়। আজিৰ নিৰ্বাচনী সভাত বিধায়ক ৰূপক শৰ্মাৰ উপৰি অগপ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্ত,বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ,বিজেপিৰ মণ্ডল সভাপতি সকল ,অগপ দলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।উল্লেখযোগ্য যে ১৮,১৭২০৪ গৰাকী ভোটাৰ থকা নগাঁও লোক সভা সমষ্টিত প্ৰায় ৬২ শতাংশ ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে।এই ভোটাৰ সকলৰ মাজত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই দিনে নিশাই নিজৰ সমৰ্থন আদায় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামেও এই সকল ভোটাৰক টাৰ্গেট কৰি নিজৰ সমৰ্থনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এফালে যদি ধৰ্মীয় ইচ্ছু আনফালে বিজেপিৰ লাখপতি বাইদেউ, আৰুণোদয় আঁচনি,ঋণ মাফ, বিভিন্ন উন্নয়নমূলক কামৰ জয়গানেৰে এতিয়া আকৰ্ষণীয় হৈছে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰ। এনেক্ষেত্ৰত সমষ্টিটোৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব লগা এইসকল ধৰ্মীয় সংখ্যালঘূ ভোটাৰে কাৰ পক্ষত থিয় হয় সেই জনেই শেষ হাঁহি মাৰিব। বৰ্তমান সময়লৈকে তিনিকোনীয়া প্ৰতিদ্বন্দিতা হ’ব লগা সমষ্টিটোত সুৰেশ বৰাৰ দৰে এজন দক্ষ ৰাজনীতিবিদে কেনেদৰে সফলতা লাভ কৰে সেইটো লক্ষণীয় হ’ব। আজি মুখ্যমন্ত্ৰী ড: শৰ্মাক কৰ্মকৰ্তা সকলে এদাল ফুলৰ মালাৰে বিশেষ সম্বৰ্ধনা জনায়।

প্ৰেৰক তপন কটকী

Featured