বাংলাদেশৰ পৰা বৰলুইতেৰে ১৫ দিন পিছত ধুবুৰীত প্ৰৱেশৰ সম্ভাৱনা এমভি গংগা-বিলাসৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ আনুমানিক ১৫ দিন মান পিছত বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অভিমুখে যাত্ৰা কৰা এম ভি গংগা-বিলাস নামৰ বিলাসী প্ৰমোদতৰীখন পাবহি অসম। জানিব পৰা মতে, যোৱাকালি প্ৰমোদতৰীখন পশ্চিমবংগৰ পৰা প্ৰৱেশ কৰিছে বাংলাদেশত। দেশখনৰ খুলনাৰ মংলা বন্দৰত উপস্থিত হোৱা সেইখনৰ পৰ্য্যটকসকলে ১৫ দিন ধৰি বাংলাদেশৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ পিছত যাত্ৰা কৰিব অসম অভিমুখে। অনুমান কৰানুসৰি ১৫ দিনৰ পিছত বাংলাদেশৰ চিলমাৰী হৈ বৰলুইতেৰে ধুবুৰীত আহি উপস্থিত হ’ব এম ভি গংগা-বিলাস। স্মৰ্তব্য যে, বিগত ১৩ জানুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ৰূপে আখ্যায়িত এম ভি গংগা-বিলাসৰ বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী যাত্ৰাৰ। উল্লেখ্য যে, দেশৰ পৰ্যটন ক্ষেত্ৰখনত নতুন দিগন্ত ৰচনা কৰি বাৰাণসীৰ পৰা যাত্ৰা কৰা সেই প্ৰমোদতৰীখনে ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ সৰ্বমুঠ ২৭ খনকৈ নদী প্ৰণালীৰে ৩,২০০ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ নদী পথ অতিক্ৰমি উপস্থিত হ’ব ডিব্ৰুগড়ত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured