কংগ্ৰেছক ভোট দিলে সংখ্যালঘু ৰাইজ পঞ্চাশ বছৰ পিছুৱাই যাব : কৃষিমন্ত্ৰী অতুল বৰা

🔹 চেঙাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : “কংগ্ৰেছক ভোট দিয়া মানে সংখ্যালঘু ৰাইজ পঞ্চাশ বছৰ পিছুৱাই যোৱা আৰু বিজেপি মিত্ৰজোঁটক ভোট দিলে আগুৱাব পঞ্চাশ বছৰ।”- ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙাৰ আলোপতি-মাজৰচৰত মিত্ৰজোঁটৰ ধুবুৰী লোকসভা সমষ্টিৰ সমৰ্থিত প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় ৰাজ্যৰ কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই | স্মৰ্তব্য যে চেঙা সমষ্টিৰ ভিন্ন প্ৰান্তত আঞ্চলিকতাবাদী দল অগপৰ পূৰ্বৰে পৰাই এক শক্তিশালী ভেটি আছে | তেনেস্থলত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ দলটোৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই চৰাঞ্চলৰ কেইবাসহস্ৰ লোকৰ সভাথলীত সমাগম দেখি অভিভূত হয় আৰু এইবাৰ ধুবুৰীত জাবেদ ইছলামৰ বিজয় নিশ্চিত বুলিও মন্তব্য কৰে |

সমষ্টিটোৰ ৯খনকৈ পঞ্চায়তৰ দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সভাখনত মন্ত্ৰীগৰাকীৰ উপৰি প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ দলীয় তত্ত্বাৱধায়ক সত্যব্ৰত কলিতা আৰু সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাসো উপস্থিত থাকে | সংখ্যালঘু ৰাইজ শেহতীয়াকৈ বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাম-কাজত সন্তুষ্ট আৰু ধুবুৰী সমষ্টিবাসীয়ে জাবেদ ইছলামক বিপুল ভোটত জয়ী কৰাব বুলিও মন্তব্য কৰে | মন্ত্ৰী অতুল বৰাই ডাবল ইঞ্জিন (কেন্দ্ৰ-ৰাজ্য) চৰকাৰৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে জাবেদ ইছলামক নিৰ্বাচিত কৰি সমষ্টিৰ সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত এক মজবুত সেতু গঢ়িবলৈ আহ্বান জনায় ৰাইজলৈ। মুঠতে চৰাঞ্চলত আজিৰ এই নিৰ্বাচনী সভাত হৰ্ষোল্লাস আৰু নিনাদিত হয় মোদী চৰকাৰৰ জয়গান |

 প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured