জাতি-জনগোষ্ঠীৰ কৃষ্টিৰে জীপাল নতুন বজাৰ বিহুতলী

🔹 নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ ব’হাগী উৎসৱ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : হিন্দী গীতবোৰত যিটো ৰোমাণ্টিক চেন্স থাকে, অন্য কোনো গীতত নাথাকে বুলি কোৱা হয়। কিন্তু অসমৰ যিবিলাক বিহুগীত কোনোবা চহা খেতিয়কে, কোনোবা চহা গৰখীয়াই আজিৰ পৰা শ বছৰৰ আগেয়েই লিখি থৈ গৈছিল, সেইবিলাকত যিমান চেন্স অৱ ৰোমাঞ্চ আছে, অন্তৰ উথলি উঠিব পৰা আৱেগ, প্ৰিয়জনক কিবা এটা ক’ব পৰা যিটো আৱেগ, যিমান তাত অন্তৰ ভেদিস্বৰূপে বৈ আছে অন্য কোনো ভাষাৰ কোনো গীতত নাই।- আজি উজনি মাজুলীৰ নতুন বজাৰ বিহুতলীত নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত পঞ্চদশ বৰ্ষৰ বাবে আয়োজন কৰা ব’হাগী উৎসৱ-২০২৪ৰ প্ৰথমটো দিনৰ বিহুমঞ্চ উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই এনেদৰে কয়। ২০০৯ চনতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মিলিত প্ৰচেষ্টাত প্ৰতিষ্ঠিত নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চই প্ৰতিষ্ঠা কালৰ পৰাই আয়োজন কৰি অহা ব’হাগী উৎসৱৰ বিহুমঞ্চ উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত ড° শইকীয়াই আৰু কয় যে নিৰক্ষৰ হালোৱা-হজুৱাৰ দ্বাৰাই সৃষ্টি হোৱা আমাৰ বিহুগীতবোৰৰ দ্বাৰাই বিশাল ঐশ্বৰ্যৰে আমাৰ বিহুটো সমৃদ্ধ হৈ আছে। ড° ভূপেন হাজৰিকাৰ ভাষাৰেই ক’বলৈ হ’লে সঁচাই বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা। আমাৰ জাতি তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমি এই বিহুক অন্তৰৰ নিভৃত কোণত জীয়াই ৰাখিব পাৰিম বুলি তেওঁ উল্লেখ কৰে। ইফালে, পুৱা ৬ বজাত সামূহিক চাফাই কাৰ্যসূচীৰ পিছতেই ৮ বজাত ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক সুনীল কুমাৰ দলে, ব্যৱসায়ী ৰাম আচৰে বাৰ্মা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক থানেশ্বৰ দলেৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতেই অনুষ্ঠানৰ স্মৃতি তৰ্পণ কৰে ব’হাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি জগতজ্যোতি বৰুৱা আৰু সম্পাদক নিতুল সেনাপতিয়ে। ইয়াৰ পিছতেই অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ প্ৰাক্তন সম্পাদক প্ৰয়াত বিপুল চুতীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে মঞ্চৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনায়। ইফালে, পুৱা ১০ বজাত অঞ্চলটোৰ দেউৰী, কছাৰী, মিচিং, নেপালী, চুতীয়া আদি বিভিন্ন জনগোষ্ঠীয় লোকে পতাকা উত্তোলনৰ পূৰ্বে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শনেৰে জীপাল কৰি তোলা এক পৰিৱেশৰ মাজত সভাপতিক আদৰি অনাৰ পিছতেই নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ সভাপতি ডিম্বেশ্বৰ খনিকৰে পতাকা উত্তোলন কৰে। ইয়াৰ পিছতেই ১১ বজাত দুটা শাখাত অনুষ্ঠিত চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত চাৰি শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে। আনহাতে, ১.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা সৰু বিহুৱতী প্ৰতিযোগিতাত ৩০গৰাকীৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ৬ বজাত উদযাপন সমিতিৰ সভাপতি জগতজ্যোতি বৰুৱাৰ বন্তি প্ৰজ্বলনৰ পিছতেই প্ৰয়াত বিপুল চুতীয়া সোঁৱৰণী সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইফালে, কাইলৈ অৰ্থাৎ ব’হাগী উৎসৱৰ দ্বিতীয় দিনা পুৱা ১০ বজাৰ পৰা জেং বিহু অনুষ্ঠিত হোৱাৰ লগতে সন্ধ্যা উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ টাহুৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হ’ব। সন্ধিয়া স্থানীয় শিল্পীৰ সংগীতানুষ্ঠানৰ লগতে ‘কাকৈ’ বাৰেৰহণীয়া সাংস্কৃতিক দলৰ নৃত্য প্ৰদৰ্শনৰ পিছতেই শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰৰ প্ৰয়াত অধিকাৰ কাব্য শাস্ত্ৰী লক্ষ্য চন্দ্ৰ মহন্ত সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত শিল্পী অংগৰাগ পাপন মহন্তই গীত পৰিৱেশন কৰিব।

প্ৰেৰক ৰূপজ্যোতি বৰা

Featured