নগাঁও বন বিভাগৰ অভিযানত দুটা অবৈধ  কাঠফলা মিল জব্দ

বিশেষ বাৰ্তা, ২৭ জুন: নগাঁও বন সংমণ্ডল বিষয়াৰ ভাস্কৰ ডেকাৰ নিৰ্দেশ মৰ্মে নগাঁও সদৰ আঞ্চলিক বন বিষয়া কল্যাণী মালাকাৰৰ নেতৃত্বত আৰু বন পালক প্ৰভাত বৰাৰ সহযোগত যোৱা বন বিভাগৰ এটা অভিযানকাৰী দলে নগাঁও জিলাৰ আলিটাঙনী আৰু মাহগুৰি অঞ্চলত অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ অভিযানকাৰী দলটোৱে আলটাঙনি অঞ্চলৰ মহমদ আব্দুল কুদ্দুছৰ ঘৰৰ পৰা এটা আৰু মাহগুৰিৰ কুদ্দুছ আলিৰ ঘৰৰ পৰা আন এটা কাঠফলা মিল জব্দ কৰে ।জানিব পৰা মতে লোক দুজনে  অবৈধ ভাবে কাঠফলা মিল স্থাপন কৰি দীৰ্ঘদিনৰ পৰা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱহায় অব্যাহত ৰাখিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি বন বিভাগৰ লোকে আজি অভিযান চলাই মিল দুটা উৎখাত কৰাৰ লগতে ইয়াৰ যন্ত্ৰাংশ সমূহ নগাঁও বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে। অবশ্যে অভিযান কালত  বন বিভাগে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। উক্ত দুয়োজন কাঠ মিলৰ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে ।

প্ৰেৰক কনক হাজৰিকা