নগাঁৱত ফাকুৱা উৎসৱত শৰ্মিষ্ঠা মুখাৰ্জী

নিয়মীয়া বাৰ্তা ২৯ মাৰ্চঃ   ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে আজি পুৱা নগাওঁ চহৰৰ কলংপাৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰত দৌল উৎসৱ উপলক্ষে সেৱা জনায় আশীৰ্বাদ গ্ৰহণ কৰে।

মুখাৰ্জীৰ লগত সংগ দিয়ে নগাওঁ সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই। শৰ্মিষ্ঠা মুখাৰ্জীক সম্ভাষণ জনাবৰ বাবে একাংশ ছাত্র-ছাত্ৰীয়ে সাংস্কৃতিক কাৰ্যক্ৰম ৰূপায়ন কৰে। অনুষ্ঠানত সমজকৰ্মী স্বপন উপাধ্যায়, সঞ্জয় চক্ৰৱৰ্তী, নৰেন্দ্ৰ প্ৰসাদ চৌহান, মন্দিৰৰ পুৰোহিত ৰাজীৱ উপাধ্যায় আদিয়ে অংশগ্ৰহন কৰে।