আমাৰ সকলোৰে সূৰ্য নৰেন্দ্ৰ মোদী : ড০ হিমন্ত বিশ্ব শৰ্মা

🎯যোৰহাটত বিজেপিৰ বিশাল জনসভা

🎯দেশৰ ভিতৰতে উন্নত নগৰ হব যোৰহাট

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ আমাৰ সকলোৰে সুৰ্য নৰেন্দ্ৰ মোদী।মোদীৰ পোহৰ পাই আমি বিদ্যমান হৈ থাকোঁ। আপোনালোকৰ হৈ কাম কৰিবলৈ সাহস পাওঁ। আমাৰ ভোট নৰেন্দ্ৰ মোদীৰ বাবে, আমাৰ ভোট বিকাশৰ বাবে উন্নয়নৰ বাবে। অসম এতিয়া পৰিবৰ্তন হল। এতিয়া অসমীয়া বুলি কলে দেশৰ প্ৰত্যেক ৰাজ্যই গৌৰবৰে চায়- এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি যোৰহাট ষ্টেডিয়ামত আয়োজিত এখন বিশাল জনসভাত জনতাক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আমি তিনি বছৰ চৰকাৰ চলালো। আপোনালোকে দেখিছে ইতিপূৰ্বে ভাৰতত বহুত প্ৰধানমন্ত্ৰী আছিল। কিন্তু কোনো প্ৰধানমন্ত্ৰীয়ে অসমৰ হিয়াৰ আমঠু ফুলাম গামোচাখন ডিঙিত লোৱাটো দেখা নাছিলোঁ। আমেৰিকা গলেও তেওঁ ডিঙিত ফুলাম গামোচাখন লৈ যায়। ভাৰতত বহু প্ৰধানমন্ত্ৰী আহিল কিন্তু কোনেও কাজিৰঙাত আহি ৰাতি কটাই আমাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা কোনেও চেষ্টা কৰা নাছিল বুলি কয়। আজি মোদী চৰকাৰৰ দিনত বগীবিল দলং, ঢলা শদিয়া দলং, আদিৰে ৰাজ্যখনে ৰূপান্তৰ দেখিলে আৰু কোনো প্ৰধানমন্ত্ৰী ২৬বাৰকৈ অসমলৈ অহাৰ নজিৰ নাই বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুখীয়া দৰিদ্য বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা প্ৰধান মন্ত্ৰীৰ আৱাস যোজনা,কৃষক সন্মান নিধি, অৰুনোদইৰ আদিকে ধৰি বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্য খনলৈ বহু পৰিবৰ্তন অনা বুলি মন্তব্য কৰি ড০ শৰ্মাই ভূপেন হাজৰিকা, অটল বিহাৰী বাজপেয়ী আৰু গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিয়া বুলি উল্লেখ কৰি আজি অসমৰ চৌ ফালে সকলো জাতি জনগোষ্ঠী মিলি আনন্দত পাৰ কৰিব পৰা এটা পৰিবেশ সৃষ্টি কৰিলে বুলি ভাষণত কয়। তপন গগৈ যোৰহাট আটাইতকৈ শক্তিশালী আৰু ভাগ্যবান বুলি অভিহিত কৰি কয় তপন কুমাৰ গগৈয়ে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ লৈ লৈ গল। যদি নীৰৱ সাংসদ বুলি কয় তেনেহলে শিৱসাগৰ মেডিকেল কলেজ, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি কেনেকৈ সম্ভৱ বুলি উল্লেখ কৰি আমাক মোদীৰ হাত শক্তিশালী কৰিব পৰা এজন সাংসদ লগে বুলি কয়।সংসদত গৈ নৰেন্দ্ৰ মোদীক গালি পাৰিলে অসমৰ উন্নতি নহয় বুলি উল্লেখ কৰি তেওঁ মোদীৰ হাত শক্তিশালী কৰিবৰ বাবে সকলোকে আহবান জনাই। মোদীয়ে যোৰহাট লৈ আহি বীৰ লাচিত বৰফুকনৰ মূৰ্তি লৈ চাই চকু নমন কৰি ইমান এগৰাকী বীৰক অসমীয়া জাতিয়ে কিয় ৬০-৭০ বছৰে উপেক্ষা কৰিলে বুলি আক্ষেপ কৰা বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। নৰেন্দ্ৰ মোদীৰ টিমত তপন কুমাৰ গগৈ থকা বুলি ভাষণত উল্লেখ কৰি শৰ্মাই  ২০২৬ চনৰ আগতে মাজুলী লৈ গৰী লৈ যাব পৰাৰ বাবে নৰেন্দ্ৰ মোদী টিমৰ বাবে হব বুলি মন্তব্য কৰি তেওঁ কংগ্ৰেছ ৰ শাসনৰ সময়ত অৰুনোদইৰ,উৰণীয়া সেঁতু,ৰংঘৰৰ আকৃতি পৰিবৰ্তন লাচিতক জগত সভালৈ নিয়াৰ কথা কিয় চিন্তা কৰিব পৰা নাছিল বুলি প্ৰশ্ন কৰে। আমি জনতাৰ লগত আৰু হিদ্ৰয়ত আছো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে,আমাৰ এটাই লক্ষ্য যে,অৰ্জুনে যেনেকৈ চৰাইৰ চকু দেখিছিল আমিও অসমক ভাৰতৰ সৰ্ব শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাই আমাৰ কল্পনা বুলি কয়। এই কল্পনা ক লৈয়ে আমি জীয়াই আছো আৰু এই কল্পনা বুকুত বান্ধি মৰিম।কিন্তু অসমক সৰ্ব শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ সংকল্প যুজ কৰি গৈ থাকিব বুলি কয়। কেইটামান কাম লোকসভা নিৰ্বাচনৰ সুযোগ লৈ কৰিম বুলি  ভাষণত উল্লেখ কৰি ড০ শৰ্মাই কয় যে, মোৰ বাবে প্ৰত্যেক টো নিৰ্বাচন গণতন্ত্ৰ ৰ উৎসব।কিন্তু এই গণতন্ত্ৰ উৎসব মোৰ বাবে নতুন সংকল্পৰ উৎসব আৰু নতুন প্ৰতিজ্ঞা কৰাৰ উৎসব।কৰিব লগীয়া বহুত কাম আছে আৰু আমি বহু দূৰ আগুৱাই যাব লাগিব। ২০২৬ চনৰ ভিতৰত মাজুলী নিমাতী কমলাবাৰীৰ মাজত দলং নিৰ্মানৰ সংকল্প লোৱা বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰংঘৰৰ পিছত ৰংঘৰ আৰু তলাতল ঘৰ একে লগ কৰি বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব লাগিব বুলি কয়। মোৰ সংকল্প যোৰহাটক অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰত উন্নত নগৰ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ বুকুত সংকল্প আৰু প্ৰতিজ্ঞা দুয়ুটা সন্মুখত ৰাখি আমি আকৌ এবাৰ নতুন অসম নিৰ্মাণৰ বাবে আপোনালোকৰ মাজলৈ অহা বুলি ভাষণত উল্লেখ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ প্ৰাকক্ষণত আৰু কেইটামান প্ৰতিশ্ৰুতি সম্পৰ্কে উল্লেখ কৰি তেওঁ আৰু কয় যে ৰাজ্যৰ যিমান পৰিয়ালত হাতত ৰেচন কাৰ্ড আছে সেই সকলোৰে হাতত ২০২৬ চনৰ পূৰ্বে অৰুনোদইৰ আঁচনি তুলি দিম। তদুপৰি কেইদিনমান ৰ পিছতেই ৰাজ্যৰ দুখীয়া মধ্য বৃত্তৰ মাজত বিনামূলীয়া বীমাৰ ব্যবস্থা কৰা হব।ৰেচন কাৰ্ড থকা সকলৰ মুৰব্বী ব্যক্তিক চৰকাৰৰ টকাৰে বীমা কৰোৱা হব আৰু ব্যক্তি জনৰ মৃত্যু হলে বীমাৰ জৰিয়তে সাহায্য লাভ কৰিব বুলি উল্লেখ কৰে।তদুপৰি ৰাজ্যখনত পৰিয়াল সমূহৰ কন্যা সন্তানে মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হলে দহ হাজাৰ টকা, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হলে বাৰ হাজাৰ পাঁচশ আৰু বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিলে পঁচিশ হাজাৰ টকা বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হব বুলি কয় । তেওঁ লগতে আৰু কয় যে,প্ৰতি খন গাঁৱৰ বেয়া পথ সমূহ নিৰ্মাণ কৰা হব আৰু যি সমূহ নামঘৰে অসম দৰ্শন আঁচনিৰ ধন লাভ কৰা নাই সেই সমূহ নামঘৰত তিনি লাখ কৈ টকা দিয়া হব।তদুপৰি মিছন বসুন্ধৰৰ অধীনত নামঘৰ,স্কুল ৰ মাটিৰ পত্ত দিয়াৰ লগতে যি সকলে এতিয়াও মাটিত পত্ত লাভ কৰা নাই তেঁও লোকক পত্ত প্ৰদান কৰা হব বুলি কয়। তদুপৰি ২০২৬ চনত কাজিৰঙাত কৰিদৰ নিৰ্মাণ,গোলাঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজৰে গহপুৰ লৈ সুৰঙ্গ নিৰ্মাণ আৰু এক লাখ চাকৰিৰ পৰা দুই লাখ চাকৰি দিয়াৰ ব্যবস্থা কৰা, গাঁও অঞ্চলৰ ৪০ লাখ আৰু নগৰ অঞ্চলৰ ৫ লাখ লাখপতি বাইদেউক অতি সোনকালে ১০ হাজাৰ কৈ মুঠ ৪৫০০ কোটি টকা প্ৰদান কৰা হব বুলি কয়। মুঠতে ডাবল ইঞ্জিন চৰকাৰে ৰাজ্যৰ কাম কৰিব বুলি ভাষণত উল্লেখ কৰি ড০ শৰ্মাই কংগ্ৰেছ দলৰ সমালোচনাত সৰৱ হৈ পৰে।আজিৰ দিনত দেশত কংগ্ৰেছ নাই বুলি উল্লেখ কৰি যি কেইজন আছে সেইসকলক কাইলৈয়ে আহিব বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোদীক সকলোৱা বিশ্বাস কৰে বুলি কয়। তেওঁৰ বাবেই ভাৰত মহান ৰাষ্ট্ৰত পৰিণত হোৱা বুলি উল্লেখ কৰি ভাৰতীয় হিচাপে নিজকে গৌৰৱ কৰিব বিচাৰোঁ বুলি মন্তব্য কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ এই বিশাল জনসভাত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ, মন্ত্ৰী পীয়ূষ হাজৰিকা, বিমল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, ভুৱন গাম, ভবেন ভৰালী, সাংসদ পল্লব লোচন দাস প্ৰমুখ্যে বহু নেতা উপস্থিত আছিল।

প্ৰেৰক ৰঞ্জিত ভূঞা

Featured