মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাক লৈ নতুন নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ   বিত্তমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ Z কেটেগৰী নিৰাপত্তা প্ৰদানক লৈ নতুন নিৰ্দেশনাৱলী কেন্দ্ৰীয় চৰকাৰৰ।
এতিয়াৰেপৰা দেশৰ আটাইকেইখন ৰাজ্যতে তেওঁক প্ৰদান কৰা হ’ব Z কেটেগৰীৰ নিৰাপত্তা ব্যৱস্থা।

উল্লেখ্য যে ইয়াৰ আগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম, উত্তৰ পূবতহে পাইছিল এই সুৰক্ষা। আনহাতে ৰাজধানী দিল্লীত মন্ত্ৰী গৰাকীয়ে পাব Y কেটেগৰীৰ নিৰাপত্তা ব্যৱস্থা।