নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ ৰাজ্যত ক’ভিড পৰিস্থিতি পূর্বতকৈ সামান্য উন্নত হোৱাৰ সময়তে কাইলৈ প্রকাশ পাব নতুন এছ অ’ পি৷ উল্লেখ্য যে যোৱা ২০ জুলাইত প্রকাশ কৰা এছ অ’ পিত উজনিৰ পাঁচখন জিলাত কার্ফিউ অব্যাহত ৰক্ষাৰ সিদ্ধান্ত লোৱা হৈছিল৷ মঙলবাৰে প্রকাশ হ’ব লগা নতুন এছ অ’ পিয়ে সুখবৰ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে৷ সেই অনুসৰি আজি প্রকাশ পাব লগা এছ অ’ পিত ট’টেল কণ্টেইনমেণ্ট থকা পাঁচখন জিলাত কার্ফিউ শিথিল কৰাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে বিগত তিনি মাহৰ পাছত গোলাঘাট, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু বিশ্বনাথত আক্রান্তৰ হাৰ এক শতাংশলৈ হ্রাস পাইছে৷ বর্তমানে এই জিলাকেইখনত চলি থকা কার্ফিউ দুপৰীয়া ১২ বজালৈ শিথিল কৰাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে যোৱা তিনি মাহত যোৰহাট জিলাত আক্রান্ত ০.৭৮ শতাংশ, বিশ্বনাথ জিলাত ০.৮৪ শতাংশ হ্রাস পাইছে৷ একেদৰে গোলাঘাট জিলাত যোৱা ২৪ ঘণ্টাত ৫০জন, লখিমপুৰত ৩৬জন আৰু শোণিতপুৰ জিলাত যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে ৩৯জন৷ এই আটাইকেইখন জিলাতে বিগত তিনি মাহত আক্রান্তৰ হাৰ এক শতাংশ হ্রাস পাইছে৷ এনে অৱস্থাত আজি প্রকাশ পাব লগা এছ অ’ পিত এই পাঁচখন জিলাত ক’ভিড নীতি–নিয়ম শিথিল কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে বুধবাৰৰ পৰা বলৱৎ হ’ব লগা নতুন এছ অ’ পি অনুসৰি গুৱাহাটী মহানগৰত বিয়লি পাঁচ বজাৰ পৰিৱর্তে সন্ধিয়া ৮ বজাৰ পৰা কার্ফিউ বলৱৎ কৰাৰ সম্ভাৱনা আছে৷
সোমবাৰে ১,৫২৮জন ক’ৰোনাত আক্রান্ত
ৰাজ্যত ক’ৰোনাৰ পৰিৱেশ কিছু উন্নত হৈছে যদিও সংক্রমণ এতিয়াও অব্যাহত আছে৷ সোমবাৰে পুনৰ ১,৫২৮জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ সোমবাৰৰ দিনটোত ১,৬৬,৮৪৬জন লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ এইসকলৰ মাজৰ পৰা ১,৫২৮জন লোক পজিটিভ চিনাক্ত হয়৷ আক্রান্তৰ হাৰ ০.৯২ শতাংশ৷ আনহাতে, সোমবাৰৰ দিনটোত ২৬জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ সোমবাৰ আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১৯৯জন, গোলাঘাট জিলাত ১৩১জন, লখিমপুৰ জিলাত ৯১জন আৰু কামৰূপ জিলাত ৮৮জন৷
আনহাতে, সোমবাৰে মৃত্যু হোৱাসকলৰ পাঁচজন যোৰহাট আৰু শিৱসাগৰ জিলাৰ, চাৰিজন কামৰূপ জিলাৰ, দুজনকৈ গোৱালপাৰা আৰু তিনিচুকীয়া জিলাৰ আৰু এজনকৈ কাছাৰ, গোলাঘাট, কামৰূপ মহানগৰ, কার্বি আংলং, কোকৰাঝাৰ আৰু নলবাৰী জিলাৰ৷ ৰাজ্যত এতিয়ালৈ ক’ভিডত আক্রান্ত হৈছে ৫,৬০,০১৯জন লোক৷ আনহাতে, সোমবাৰৰ দিনটোত বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ভিডমুক্ত হৈ ঘৰলৈ উভতিছে ১,৮৩০জন লোক৷ অৱশ্যে এতিয়াও আক্রান্ত হৈ আছে ১৩,৫৮২জন লোক৷