অহা চাৰে চাৰি বছৰত অসমত বহু উপ–নির্বাচন অনুষ্ঠিত হ’ব

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ বিৰোধীৰ বিশেষকৈ কংগ্রেছৰ একাংশ বিধায়কে বিজেপিত যোগদানৰ বাবে তৎপৰতা চলাই থকাৰ সমান্তৰালভাৱে কংগ্রেছৰ দুই–এক বিধায়কে এ আই ইউ ডি এফত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰখাৰ খবৰে ৰাজ্যৰ ৰাজনীতি তোলপাৰ কৰি থকাৰ সময়তে আজি বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা চাৰে চাৰি বছৰত ৰাজ্যত বহু উপ–নির্বাচন অনুষ্ঠিত হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সম্প্রতি মাজুলীত উপ–নির্বাচন হ’ব লগা আছে৷ আবেদনো বহু আছে৷

অহা চাৰে চাৰি বছৰত ৰাজ্যত বহু উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ উপ–নির্বাচন অনুষ্ঠিত হ’লে এমাহ প্রচাৰ আদিৰ নামতেই গুচি যায় বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ আজিৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈছে আসন্ন মাজুলীৰ উপ–নির্বাচনেই ৰাজ্যখনৰ শেষ উপ–নির্বাচন নহয়৷ অহা চাৰে চাৰিটা বছৰত ধাৰাবাহিকভাৱে ৰাজ্যখনত উপ–নির্বাচন অনুষ্ঠিত হৈয়েই থাকিব৷ অর্থাৎ বিজেপিত যোগদানৰ বাবে বিৰোধীৰ আগ্রহী বিধায়কসকলক একে সময়তে দলত যোগদান কৰোৱাই উপ–নির্বাচন অনুষ্ঠিত কৰাৰ পৰিৱর্তে সময়ে সময়ে ভাগে ভাগে সেইসকলক দলত যোগদান কৰোৱাই উপ–নির্বাচন অনুষ্ঠিত কৰি থাকিব৷ তাৰ বাবে হয়তো মুখ্যমন্ত্রীয়ে অহা চাৰে চাৰিটা বছৰত বহু উপ–নির্বাচন অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছে৷

ইপিনে আলফা (স্বাধীন)ৰে শান্তি আলোচনাৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলোচনা প্রক্রিয়া সৰুকৈ চলি আছে৷ কিন্তু তেওঁ এই বিষয়ে সংবাদ মাধ্যমৰ আগত সবিশেষ ক’বলৈ অস্বীকাৰ কৰে৷ কে এল অ’ই আলোচনাৰ বাবে চৰকাৰক প্রস্তাৱ দিয়াৰ প্রসংগত তেওঁ কয় যে তেওঁলোকে আলোচনাত আহিব বিচাৰে বুলিও চিঠি এখন দি থৈ গৈছে৷ সেই চিঠি অৱশ্যে তেওঁক দিয়া নাই৷ আন চৰকাৰী পর্যায়ত দিছে যদিও চিঠিখনৰ সত্যতা এতিয়াও নিৰূপণ কৰিব পৰা হোৱা নাই৷ ইফালে ক’ভিড পৰিস্থিতিৰ প্রসংগত তেওঁ কয় যে অহা এপ্রিল মাহৰ পূর্বে চৰকাৰে ১০০ শতাংশ ভেকচিন লোৱাটো নিশ্চিত কৰিব বিচাৰিছে৷ শিক্ষানুষ্ঠানৰ ক্ষেত্রত অহা ১ ডিচেম্বৰৰ পৰা ৰাজ্য চৰকাৰে বিষয়টো বিদ্যালয় কর্তৃপক্ষক দায়িত্ব প্রদান কৰিব৷ বিদ্যালয় কর্তৃপক্ষৰ মতে বিদ্যালয়সমূহ চলিব৷ ইয়াত ৰাজ্য চৰকাৰে কোনো হস্তক্ষেপ নকৰে৷