জাৰি নহয় নতুন এছ’পি

ক’ভিডক লৈ মুখ্যমন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ৰাজ্যত অব্যাহত আছে ক’ভিড–১৯ৰ বর্ধিত সংক্রমণ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে মহামাৰীৰ সংক্রমণ প্রতিৰোধকল্পে সান্ধ্য আইনকে ধৰি কেতবোৰ বাধা–নিষেধ বলৱৎ কৰিছে যদিও শেহতীয়া বর্ধিত সংক্রমণলৈ চাই নতুন এছ অ’ পি জাৰি কৰাৰ সম্ভাৱনাৰ বিষয়টোৱে সর্বত্র চর্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে স্থিতি স্পষ্ট কৰি এনে সম্ভাৱনা নাকচ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে শিলচৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ ক’ভিড পৰিৱেশ ভাল নহয় বুলি মন্তব্য কৰে যদিও চিকিৎসাধীন ৰোগীৰ সংখ্যালৈ চাই নতুন এছ অ’ পি জাৰি কৰাৰ কথা নস্যাৎ কৰে৷ তেওঁ কয় যে ক’ভিড পৰিৱেশ ভাল নহয়৷ আমি ভাবোঁ, অমিক্রন বিয়পে যদিও ভয়াৱহ নহয়৷ চিকিৎসালয়ত মাত্র ১২ শতাংশ ৰোগীহে চিকিৎসাধীন হৈছে৷ সেই কাৰণে আমি নতুন এছ অ’ পিৰ কথা চিন্তা কৰা নাই৷

Featured