পুৰণা নোট কংগ্ৰেছ এতিয়া বজাৰত নচলে : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ বাবে ৯নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি বিয়লি ৰহা ক্ৰীড়া সন্থা খেলপথাৰত অনুষ্ঠিত সভাখনত হেলিকপ্টাৰেৰে আহি উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ পুনৰ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব বুলি মন্তব্য কৰি নগাঁও লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰাক ভোট দিবলৈ আহ্বান জনাই। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বিজেপি চৰকাৰ কেৱল ৰাইজৰ উন্নয়নৰ বাবে কাম কৰা চৰকাৰ। কোনো চোৰ-ডকাইত বনোৱা চৰকাৰ নহয়। চৰকাৰে ৰাইজৰ উন্নয়নমূলক কাম কৰিলে কংগ্ৰেছে বেয়া পায়। কংগ্ৰেছ এটি পুৰণা নোট। পুৰণা নোট বজাৰত নচলে, কংগ্ৰেছো এতিয়া বজাৰত নচলে। ইয়াৰ লগতে অসমৰ সকলো দৰিদ্ৰ জনসাধাৰণে নিৰ্বাচনৰ পাছত অৰুণোদয় আঁচনি লাভ কৰিব বুলি মন্তব্য কৰে। ইয়াৰ লগতে উজলা, লাখপতি বাইদেউ, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আঁচনিৰ দ্বাৰা অসমৰ জনসাধাৰণ নিৰ্বাচনৰ পাছত আৰু অধিক লাভৱান হ’ব বুলি কয়। তদুপৰি এই বছৰৰ পৰা ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে সমস্ত খৰচ বহন কৰিব বুলি মন্তব্য কৰি মেট্ৰিক পৰীক্ষা পাছত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলক ১০ হাজাৰকৈ টকা প্ৰদান কৰা লগতে ডিগ্ৰীত নামভৰ্তি কৰিবলৈ ১২,৫০০ টকা আৰু এমএত নামভৰ্তি কৰিবলৈ ছাত্ৰীসকলক ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি মন্তব্য প্ৰদান কৰে। ইয়াৰ লগতে ৰেচন কাৰ্ড থকা ঘৰৰ মুৰব্বীসকলৰ বাবে এটাকৈ জীৱন বীমা আঁচনি প্ৰদান কৰি তাৰ প্ৰিমিয়াম চৰকাৰে প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

সহায় বিচাৰি যোৱা মহিলাক দেখি হেলিকপ্টাৰৰ পৰা নামি আহিল মুখ্যমন্ত্ৰী
ৰহাত অসহায় মহিলাক দেখি হেলিকপ্টাৰৰ পৰা নামিল মুখ্যমন্ত্ৰী। নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ আজি নগাঁও ৰহাত এক জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সভাৰ শেষত হেলিপেডৰ চাৰিওদিশে ৰৈ থকা দৰ্শকৰ সৈতে কৰমৰ্দন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু নিজৰ কন্যাৰ চিকিৎসাৰ সহায় বিচাৰি মুখ্যমন্ত্ৰীগৰাকীক লগ ধৰিবলৈ চেষ্টা কৰিছিল এগৰাকী সাধাৰণ মহিলাই। কিন্তু আৰক্ষী প্ৰশাসনৰ বাধাৰ বাবে লগ পোৱাত ব্যৰ্থ হ’ল মহিলাগৰাকীয়ে। শেষত নিজে জোৰ কৰি মুখ্যমন্ত্ৰীগৰাকীক লগ ধৰিবলৈ বুলি আগবাঢ়ি গ’ল যদিও ইতিমধ্যে হেলিকপ্টাৰত উঠিছিল মুখ্যমন্ত্ৰী। পিছে আৰক্ষীয়ে বাধা প্ৰদান কৰা মহিলাগৰাকীক মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰৰ ভিতৰৰ পৰা প্ৰতক্ষ্য কৰি নিজে নামি আহিল হেলিকপ্টাৰৰ পৰা। পাছত মহিলাগৰাকীৰ জীয়ৰীৰ বেমাৰৰ কথা শুনি সহায় কৰাৰ দিলে প্ৰতিশ্ৰুতি। উল্লেখ্য যে ৰহা ৰজাগাঁও চন্দনা ডেকা নামৰ এগৰাকী মহিলাৰ ৯ বছৰীয়া জীয়ৰীৰ হৃদযন্ত্ৰৰ ফুটা হোৱাত ইয়াৰ চিকিৎসাৰ বাবে অসহায় হৈ পৰিছিল মহিলাগৰাকী। চিকিৎসকৰ নিৰ্দেশ অনুসৰি সন্তানটিক উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবলৈ দিয়া হৈছে যদিও আৰ্থিক অনাতনৰ বাবে উপায়হীন হৈ সহায় বিচাৰি উপস্থিত হৈছিলগৈ মুখ্যমন্ত্ৰীগৰাকীৰ কাষত। অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীৰ আশ্বাসত এক আশাৰ ৰেঙনি দেখিছে মহিলাগৰাকীয়ে।

প্ৰেৰক ভৱজয় ডেকা

Featured