এয়া পুৰণি বটলত নতুন মদ ঢলাৰ বাহিৰে একো নহয়ঃ পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ ১৯৮৯ চনত অসম জাতীয় পৰিষদ নামেৰে এটা দল গঠন হৈছিল আৰু সেই একে নামেৰে নতুন এটা দল গঠন হ’ল। তেওঁলোকে এটা নতুন নাম বিচাৰি নাপালে, একো নতুনত্ব দিব নোৱাৰিলে। বিজেপি দলৰ শ্লোগান COPY PASTE কৰি ঘৰে ঘৰে আমি কৰিলে। AGP এটা দল আছেই, এতিয়া নতুন দল AJP হ’ল। গতিকে ই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব, কাৰণ তেওঁলোকৰ আত্মবিশ্বাস নাই। নতুন নামেৰে তেওঁলোক যাব নোৱাৰে এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।

ৰঘুমলাৰ দৰে তেওঁলোকে এটা দল গঠন কৰিব বিচাৰিছে , ইয়াৰ দ্বাৰা ৰাইজৰ একো লাভ নহয়। গতিকে ফুটা কলহত পানী ঢালি লাভ নাই। জন্মৰ প্ৰথম দিনাই প্ৰতাৰণা কৰিছে দলটোৰ শীৰ্ষ নেতাই। আঞ্চলিক দলে CAA বাতিল কৰিব পাৰিব নেকি বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে।

গতিকে মই বিনয়ৰে তেওঁলোকক অনুৰোধ কৰিছো ৰাইজক বিপথে পৰিচালিত নকৰিব। এদিনতে লুটি বাগৰ মৰা দল মই কেতিয়াও দেখা নাই। পাছত তেওঁলোকে কি কৰিব ৰাইজে চিন্তা-চৰ্চা কৰিব। গতিকে এয়া পুৰণি বটলত নতুন মদ ঢলাৰ বাহিৰে একো নহয় বুলিও মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।