সম্ভাৱনাময় যুৱ কবি অলকেশ কলিতাৰ আত্মহনন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ এপ্ৰিলঃ অসমীয়া কাব্যিক ক্ষেত্রখনক বিভিন্ন সৃষ্টিৰাজিৰে সমৃদ্ধ কৰা সম্ভাৱনাময় যুৱ কবি অলকেশ কলিতা আৰু নাই৷ চানমাৰিৰ পিয়লি ফুকন নগৰৰ স্থায়ী বাসিন্দা ফণী কলিতা আৰু প্রমিলা কলিতাৰ দ্বিতীয় পুত্র কবি অলকেশ কলিতা (৩৯)ৰ অকাল বিয়োগত ৰাজ্যৰ কাব্যিক ক্ষেত্রখনত শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে আজি পুৱাৰ ভাগত নিজৰ ঘৰৰ কোঠালিৰ ভিতৰত যুৱ কবিগৰাকীৰ প্রাণহীন দেহ উদ্ধাৰ হোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বহু সময় ধৰি পৰিয়ালৰ লোকে কোঠাটোৰ দুৱাৰত ঢকিওৱাৰ পিছতো বহু সময় ধৰি সঁহাৰি নিদিয়াত পৰিয়ালবর্গই দুৱাৰ ভাঙি কোঠাৰ ভিতৰত প্রৱেশ কৰি মৃত অৱস্থাত কবিগৰাকীক প্রত্যক্ষ কৰে৷ তাৰ পিছতে পৰিয়ালে চানমাৰি আৰক্ষীক বিষয়টো অৱগত কৰে৷ আৰক্ষী সূত্রই প্রাথমিক তদন্তত সদৰি কৰা মতে অত্যধিক শ্লিপিং টেবলেট সেৱনৰ ফলতে কবিগৰাকীৰ মৃত্যু হৈছে৷ সম্ভাৱনাময় কবিগৰাকীৰ মৃত্যুৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ গুণমুগ্ধৰ মতে বহু বছৰ ধৰি জটিল ৰোগ এটাত আক্রান্ত হৈ আছিল কবি অলকেশ কলিতাই৷ উক্ত ৰোগৰ চিকিৎসাও কৰি থকা হৈছিল যদিও সুফল তেওঁ লাভ কৰা নাছিল৷ যাৰ পৰিণতিতে হয়তো এনে চৰম পন্থা কবিগৰাকীয়ে ল’বলৈ বাধ্য হৈছিল বুলি সন্দেহ কৰিছে গুণমুগ্ধসকলে৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্রী অর্জন কৰা অলকেশ কলিতাই অতি কম দিনৰ ভিতৰতে অসমীয়া কাব্য ক্ষেত্রখনত পৰিচিত হৈ পৰিছিল৷ ‘আৰু এটা বিধুৰ বেলা’, ‘পৰাস্মৃতি’, ‘নিস্ফল উৎসৱ’, ‘ভাস্কৰ’, ‘যোৱা বেলিৰ বসন্ত’, আদিকে ধৰি কেইবাখনো কবিতা পুথি তেওঁ ৰচনা কৰি অসমীয়া কাব্য সাহিত্যৰ ভঁৰালটোক সমৃদ্ধ কৰি তুলিছিল৷ বিভিন্ন সময়ত ৰাজ্যৰ বহু কাকত-আলোচনীতো যুৱ কবিগৰাকীৰ কবিতাই স্থান লাভ কৰিছিল৷ পঢ়ুৱৈ সমাজৰ পৰা যথেষ্ঠ সমাদৰ লাভ কৰাৰ লগতে এগৰাকী সম্ভাৱনাপূর্ণ কবিলৈ পৰিণত হৈছিল অলকেশ কলিতাই৷ তাৰ পিছতো কবিগৰাকীৰ এই আকস্মিক বিয়োগে কবি সমাজক মর্মাহত কৰি তুলিছে৷ সামাজিক মাধ্যমযোগে বহুজনে যুৱ কবিগৰাকীৰ আকস্মিক বিয়োগত শোক প্রকাশ কৰিছে৷

Featured