ডিব্রুগড়ৰ চৌকিডিঙীত ২০ জুনত বিষ্ণু ৰাভা দিৱস

নিয়মীয়া বাৰ্তা, ১৯জুনঃ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত অহা ২০ জুনত ডিব্রুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হ’ব বিষ্ণু ৰাভা দিৱস৷  এই কথা প্রকাশ কৰিলে সাংস্কৃতিক মন্ত্রী বিমল বৰাই৷ এখন সংবাদ মেলত এই ঘোষণা কৰাৰ লগতে মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে এইবাৰ বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি তিনিটা ৰাষ্ট্রীয় বঁটা আৰু ১০টা ৰাজ্যিক বঁটা প্রদান কৰা হ’ব৷

ৰাষ্ট্রীয় বঁটাকেইটা হ’ল– কালিচৰণ ব্রহ্ম বঁটা (২০২১), কৃষ্ণকান্ত সন্দিকৈ বঁটা (২০২১) আৰু আজান পীৰ বঁটা (২০২১)৷ আনহাতে, ১০টা ৰাজ্যিক বঁটা ক্রমে বিষ্ণু ৰাভা বঁটা, গীতিকাৰ পার্ৱতিপ্রসাদ বৰুৱা বঁটা, অমলপ্রভা দাস বঁটা, চন্দ্রপ্রভা শইকীয়ানী বঁটা, মামণি ৰয়ছম গোস্বামী বঁটা, চৈয়দ আব্দুল মালিক বঁটা, আহমদ আলী বাঁশকান্দি বঁটা, গণেশ গগৈ বঁটা, স্বর্গদেউ সর্বানন্দ সিংহ বঁটা আৰু শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা৷