গণেশগুৰি উৰণ সেতুৰ তলত কিশোৰীক ধর্ষণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ হোলীৰ আনন্দ উল্লাসৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা জঘন্য ধর্ষণ কাণ্ডক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নিচাযুক্ত দ্রব্য খুৱাই গণেশগুৰিৰ উৰণ সেতুৰ তলৰ পার্কিঙত বিলাসী বাহনত লম্পট ইনামূল আলীয়ে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধর্ষণ কৰে৷ এই জঘন্য ঘটনাৰ সাখী হৈ ৰয় ভুক্তভোগী কিশোৰীগৰাকীৰ বান্ধৱী৷ লম্পট ইনামূলে নিচাযুক্ত দ্রব্য খুৱাই কিশোৰীগৰাকীক ধর্ষণ কৰি এএছ ০১–বি ডব্লিউ–৮১৪৩ নম্বৰৰ ইনোভা বাহনখনেৰে দুয়োগৰাকী কিশোৰীক জনকপুৰত পেলাই থৈ যায়৷ নিচাসক্ত অৱস্থাত পথত পৰি থকা দুই কিশোৰীক প্রত্যক্ষ কৰি স্থানীয় ৰাইজে হাতীগাঁও আৰক্ষীক অৱগত কৰে৷ ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰি জিএমচিএইচত ভর্তি কৰে৷ কিশোৰী দুগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি দিছপুৰ আৰক্ষীয়ে অভিযান চলায় আজাৰৰ পৰা ৰাজু আলী আৰু হাতীগাঁও মাজাৰৰ পৰা মণ্ডল আলীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ৰাজুৰ মোবাইলৰ পৰা কালি বিয়লি প্রায় ৫ বজাত গণেশগুৰিৰ উৰণ সেতুৰ তলত ইনামূলে সংঘটিত কৰা ধর্ষণকাণ্ডৰ ভিডিঅ’ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে কালি দিনৰ প্রায় ১২ বজাত ৰাজু আলীৰ সম্পর্কীয় ভগ্নী আৰু ভনীয়েকৰ বান্ধৱীক হোলী খেলিম বুলি ৰাজু, ইনামূল আৰু মণ্ডলে ইনোভা বাহনখনত উঠাই আনিছিল৷ ইয়াৰ পিছত গুৱহাটীৰ বিভিন্ন স্থানত ঘূৰাফুৰা কৰি দুই কিশোৰীৰ সৈতে তিনি অভিযুক্তই সুৰাপাণ কৰে৷ বিয়লি প্রায় ৪.৩০ বজাত অভিশপ্ত ইনোভা বাহনখনেৰে দুই কিশোৰীক লৈ গণেশগুৰিলৈ আহে৷ গণেশগুৰিৰ উৰণ সেতুৰ তলত বাহনখন পার্কিং কৰি পুনৰ আটাইকেইগৰাকীয়ে সুৰা সেৱন কৰে৷ ইয়াৰ কিছুসময়ৰ পিছতে ইনোভা বাহনখনৰ চালক মণ্ডল আলী আৰু ৰাজু আলী বাহনখনৰ পৰা ওলাই আহে৷ বাহনখনত দুই কিশোৰীক লৈ ইনামুলে পুনৰ সুৰা সেৱন কৰে৷ ইনামূলে ৰাজুৰ ভগ্নীৰ বান্ধৱীগৰাকীক নিচাসক্ত অৱস্থাত গাড়ীৰ ভিতৰতে ধর্ষণ কৰে৷ এই সমগ্র ধর্ষণকাণ্ড মোবাইলত ৰেকর্ডিং কৰে ৰাজুৰ ভগ্নীয়ে৷ এই জঘন্য কাণ্ড সংঘটিত কৰি তিনি লম্পটে কিশোৰী দুগৰাকীক জনকপুৰত পেলাই থৈ যায়৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত হাতীগাঁও থানাৰ আৰক্ষীয়ে কিশোৰী দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ সম্প্রতি ধর্ষণৰ বলি হোৱা কিশোৰীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ এই ধর্ষণৰ ঘটনা সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ প’ছকো আইনৰ অধীনত অধীনত ৩২৮/৩৭৬ ধাৰাত দিছপুৰ থানাত ২৬২/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ দিছপুৰ আৰক্ষীয়ে দুই অভিযুক্ত লম্পটক আদালতত হাজিৰ কৰি আৰক্ষীৰ জিম্মাত লয়৷ ইফালে এই ধর্ষণকাণ্ডৰ মূল অভিযুক্ত ইনামূল আলী এতিয়াও পলাতক হৈ আছে৷ দিছপুৰ আৰক্ষীয়ে পলাতক ইনামূলক বিচাৰি জোৰদাৰ অভিযান অব্যাহত ৰাখিছে৷

Featured