জালুকবাৰী সমষ্টিৰ দুখনকৈ সভাত জনতাক সম্বোধন ৰিণিকি ভূঞা শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ জালুকবাৰী সমষ্টিৰ বেজেৰা আৰু বাইহাটা চাৰিআলিত আজি দুখনকৈ সভাত জনতাক সম্বোধন কৰে ৰিণিকি ভূঞা শৰ্মাই। অঞ্চল দুখনৰ ৰাইজে বিশিষ্ট সমাজসেৱী শৰ্মাক গায়ন-বায়নসহ বিপুলভাৱে আদৰণি জনাই সভাস্থলীলৈ আদৰি নিয়ে।

জালুকবাৰী সমষ্টিৰ উল্লেখযোগ্য ঠাই দুখনৰ জনতাৰ লগত মত বিনিময় কৰি ভূঞাই বিভিন্ন সমস্যাৰ বুজ লয়। সভাৰ মাজতে বৃহত্তৰ এলেকাটোৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰে তেওঁক।

বেজেৰাৰ বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰিণিকি ভূঞা শৰ্মাই কয়- ‘আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজিৰ সভাখন এক নিৰ্বাচনী যাত্ৰাৰ শুভাৰম্ভণি। বিশ্বাসৰ প্ৰতীক কাৰণে আপোনালোকে আজি ইয়াত থিয় হৈ আছে আৰু ইয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো।’

এই সভাতে ৰিণিকি ভূঞা শৰ্মাই স্বামী ড০ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিক লৈ এখন কিতাপ লিখাৰ পৰিকল্পনা কৰাৰ কথাও প্ৰকাশ কৰে।