নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ হাইস্কুলৰ স্নাতক শিক্ষকে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদৰ বাবে আবেদন কৰাৰ ক্ষেত্রত সৃষ্টি হোৱা জটিলতা অৱশেষত আঁতৰ হ’ল৷ এই সন্দর্ভত বাধাৰ সৃষ্টি কৰা সংশ্লিষ্ট বিধি সংশোধন কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এগৰাকী বঞ্চিত শিক্ষকে দাখিল কৰা ৮৯৯৬/২০১৯ নম্বৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি এখন খণ্ড বিচাৰপীঠে
অসম মাধ্যমিক শিক্ষা (বিদ্যালয় প্রাদেশিকীকৰণ) সেৱা বিধিৰ ১২ নম্বৰ বিধি সংশোধন কৰিবলৈ নির্দেশ দিছে৷
উল্লেখ্য যে এই সন্দর্ভত ইয়াৰ পূর্বেও ২০১৭ চনতো সংশ্লিষ্ট বিধি সংশোধনৰ নির্দেশ দিছিল৷ অৱশ্যে সেয়া কার্যকৰী কৰা হোৱা নাছিল, যাৰ বাবে পুনৰ বঞ্চিত শিক্ষিকে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন৷ আজি লেখ আবেদনৰ শুনানি গ্রহণ কৰি খণ্ড বিচাৰপীঠে পূর্বৰ নির্দেশনা বাহাল ৰাখি সংশ্লিষ্ট বিধি সংশোধনৰ নির্দেশ প্রদান কৰে৷