অসমৰ IPS বিষয়া তপন কুমাৰ ডেকাক IB ৰ সঞ্চালক পদত নিযুক্ত

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ আই পি এছ বিষয়া তপন কুমাৰ ডেকাক চোৰাংচোৱা সংস্থাৰ (IB) সঞ্চালক হিচাপে নিযুক্তি দিয়ে।

১৯৮৮ বৰ্ষৰ হিমাচল প্ৰদেশৰ কেডাৰৰ আই পি এছ বিষয়া তপন কুমাৰ ডেকাক আই বিৰ সঞ্চালক হিচাপে দুবছৰৰ বাবে নিযুক্তি দিয়া হৈছে।

বৰ্তমানৰ আই বিৰ সঞ্চালক অৰবিন্দ কুমাৰৰ ৩০ জুনত কাৰ্যকাল সমাপ্ত হ’ব আৰু সেইদিনাই ডেকাই কাৰ্যভাৰ গ্ৰহণ কৰিব।

উল্লেখ্য যে ডেকাই কেৰিয়াৰৰ বেছিভাগ সময় চোৰাংচোৱা সংস্থাতে কাৰ্যনিৰ্বাহ কৰিছে। যোৱা বছৰৰ জুন মাহত উইঙত বিশেষ সঞ্চালকৰ পদবীলৈ উন্নীত হোৱাৰ সময়ত তেওঁ আই বিৰ অতিৰিক্ত সঞ্চালক আছিল।

মন কৰিবলগীয়া যে IB ৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা প্ৰথম গৰাকী অসমীয়া তপন কুমাৰ ডেকা।

Featured