প্রকৃতি সুৰক্ষাৰ বার্তাৰে মুখৰ চানডুবি

নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ ‘প্রকৃতি সুৰক্ষিত হ’ব লগা হ’লে জনগোষ্ঠীসকলৰ হাততহে হ’ব৷ কিয়নো জনগোষ্ঠীসকলৰ প্রকৃতিৰ স’তে নিবিড আত্মিক সম্পর্ক আছে৷’ –এই বক্তব্য বিশিষ্ট চিন্তাশীল প্রকৃতিপ্রেমী দেৱজিত নাফাৰ৷ পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চানডুবি মহোৎসৱৰ কালি তৃতীয় দিনাৰ কার্যসূচী অনুসৰি উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত ‘প্রকৃতি সংৰক্ষণৰ গুৰুত্ব আৰু অঞ্চলস্থ ৰাইজৰ ভূমিকা’ শীর্ষক আলোচনা–চক্রত সমলব্যক্তি হিচাপে অংশগ্রহণ কৰি নাফাই ৰাজ্যৰ ভিতৰতে অন্যতম প্রাকৃতিক প্রাচুর্যৰে পৰিপূর্ণ চানডুবি আৰু ইয়াৰ চৌদিশৰ সেউজীয়া সম্পদৰাজিৰ সংৰক্ষণৰ ইতিবাচক দিশ সম্পর্কে সাৱলীল ব্যাখ্যা দাঙি ধৰি ৰাইজক সজাগ আৰু সচেতন হৈ ঐতিহ্য ৰক্ষাৰ আহ্বান জনায়৷

সুভাষ চিনালে পৰিচালনা কৰা আলোচনা–চক্রখনত অৰুণ দিয়া, জীৱন ৰাভাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা অঞ্চলস্থ বন গাঁওবুঢ়াসকল উপস্থিত আছিল৷ আনহাতে, আজিৰ উৎসৱথলীত পলাশবাৰী সমষ্টি সুৰক্ষা মঞ্চৰ সভাপতি পংকজ লোচন গোস্বামীয়ে দিয়া ভাষণত উক্ত মহোৎসৱখন নামনি অসমৰ এক ঐতিহ্যপূর্ণ ইতিবাচক উৎসৱ বুলি কয়৷ বর্তমানৰ তথাকথিত বিজতৰীয়া সংস্কৃতিৰ মুক্ত হৈ অসমীয়াৰ স্বাভিমান ৰক্ষাৰ হেতু ভূমিপুত্র ৰাভাসকলৰ ভাষা কলাকৃষ্টিৰ অধ্যয়নৰ প্রয়োজনীতা আছে৷ আনকি আমি শিপাক পাহৰি গ’লে নিজকে হেৰুৱাম বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে গোস্বামীয়ে৷