আজি বিজয়া দশমী; ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক আজি দিয়া হ’ব বিসৰ্জন

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ আজি বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক আজি বিসৰ্জন দিয়া হ’ব। অৱশ্যে ক’ভিডৰ বাবে এইবাৰ পৰিৱেশ কিছু সুকীয়া। যাৰবাবে প্ৰতিমা বিসৰ্জন স্থলীত পূৰ্বৰ দৰে ভিৰ পৰিলক্ষিত নহ’ব। কিয়নো বহু পূজা সমিতিয়ে এইবাৰ প্ৰতিমাৰ সলনি কৰিছে ঘট পূজা।

উল্লেখ্য যে বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ৰোনা মহামাৰীয়ে এইবাৰ সলনি কৰিলে শাৰদীয় দুর্গোৎসৱৰ পূজাথলীসমূহৰ চেহেৰা৷ ৰঙীন আলোকসজ্জা, আকর্ষণীয় মণ্ডপ, ভক্তৰ ব্যাপক আগমনৰ দলদোপ–হেন্দোলদোপ হৈ থকা পূজাথলীসমূহত এইবাৰ নিমাওমাও পৰিৱেশ৷

Featured