নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীক যান–জঁটৰ পৰা সকাহ দি সুচল যাতায়াত ব্যৱস্থা প্রদানৰ বাবে ৰাজ্য চৰকাৰৰ স্ব–গ্রাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত গুৱাহাটী–গড়ভঙা পথৰ চাৰাবভাটী চাৰিআলিৰ ওপৰেৰে ২ লেনযুক্ত উৰণীয়া সেতুৰ নির্মাণকার্যৰ বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাংগলিকভাৱে শুভাৰম্ভ কৰে৷ ৭৯০ মিটাৰ দৈর্ঘ্যৰ এই উৰণীয়া সেতুখনৰ প্রকল্প ব্যয় ধার্য কৰা হৈছে ১৪৯.০৭ কোটি টকা৷ সেতুখন নির্মাণৰ মাংগলিক শুভাৰম্ভ কৰি ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে গুৱাহাটী মহানগৰীক বিশ্বৰ বুকুত আকর্ষণীয় মহানগৰী হিচাপে গঢ়ি তুলিব লাগিব৷ ইয়াৰ বাবে মহানগৰবাসীয়ে গুৱাহাটী চহৰখনক পৰিষ্কাৰ চহৰ হিচাপে ৰাখিব লাগিব৷ ইপিনে, বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাষণত কয় যে বর্তমান চৰকাৰৰ দিনত গুৱাহাটী মহানগৰীৰ বাবে বহু প্রকল্পৰ কাম গ্রহণ কৰা হয়৷ বহু কাম ইতিমধ্যে সফলতাৰে সমাপ্ত কৰিছে৷ বহু কামে যথেষ্ট অগ্রগতি লাভ কৰিছে৷ ছুপাৰ মার্কেটত নির্মীয়মাণ ফ্লাইভাৰৰ কাম অহা ২–৪ মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷ মালিগাঁও ফ্লাইভাৰৰ কামো আৰম্ভ হৈছে৷
বৃহস্পতিবাৰৰ পৰা শুভাৰম্ভ কৰা এই সেতুখনৰ গুৰুত্বপূর্ণ দিশ এয়ে যে দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক এই সেতুখনে সামৰি ল’ব৷ দ্বিতীয়খন গুৱাহাটী মেডিকেল কলেজৰ এটা অংশ হ’ব এমএমচিএইচ আৰু আনটো অংশ হ’ব টিবি হাস্পতাল৷ সেয়ে এই সেতুখন অত্যন্ত প্রয়োজনীয় হৈ পৰিছে৷ কাইলৈৰ পৰা নির্মাণকার্য আৰম্ভ হ’বলগীয়া এই সেতুখনৰ কাম ১৮ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ সেইদৰে অহা ২৭ ফেব্রুৱাৰীৰ পৰা ৮৬০ কোটি টকা ব্যয়সাপেক্ষে দ্বিতীয়খন মেডিকেল কলেজৰ নির্মাণকার্য আৰম্ভ হ’ব বুলি সদৰী কৰি মন্ত্রী ড০ শর্মাই কয় যে এই নির্মাণকার্যৰ দায়িত্ব এলএণ্ডটি কোম্পানীয়ে লাভ কৰিছে৷ আনহাতে, গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নির্মাণকার্য ইতিমধ্যে ৩০ শতাংশ সম্পূর্ণ হৈছে আৰু ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত সম্পূর্ণ হৈ উঠিব৷ গুৱাহাটী ক্লাব–নুনমাটি সংযোগী উৰণীয়া সেতুৰ কাম লোকনির্মাণ বিভাগে কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই সেতুখন হ’ব পূব ভাৰতৰ সর্ববৃহৎ উৰণীয়া সেতু৷ আজিৰ এই অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, গুৱাহাটীৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা উপস্থিত থাকে৷