বান্দৰদেৱাত জব্দ এক ট্ৰাক পাঞ্জাববডী অৰুণাচলী সুৰা

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱা ২নং পাৰ্ৱতীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পথালিপাহাৰ টোলগেটৰ সমীপত এখন ট্ৰাকসহ বহু লাখ টকাৰ অৰুনাচলী সুৰা জব্দ কৰে৷ বান্দৰদেৱাৰ ২নং পাৰ্ৱতীপুৰ আৰক্ষী চকীৰ বিষয়া হেমন্ত কোঁৱৰৰ নেতৃত্বত আৰক্ষী দলে পথালি পাহাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথালি পাহাৰৰ টোল গেটৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা সমূহ জব্দ কৰে ৷ জানিব পৰা মতে আৰক্ষীৰ গোপন সুত্ৰৰ পম খেদি নিশা NL O1L 6599 ১২ চকীয়া পাঞ্জাৱ বডী ট্ৰাকত ষ্টাৰ চিমেণ্ট কোম্পানীৰ চিমেণ্টৰ বেগেৰে ওপৰত ঢাকি প্ৰায় ১০০০ কাৰ্টুন অৰুণাচলী সুৰা চিলাপথাৰৰ দিশৰ পৰা তেজপুৰ দিশলৈ নি থকা অৱস্থাত জব্দ কৰে। আনহাতে আৰক্ষীয়ে টোল গেটত উক্ত ট্ৰাকখন ৰাখিবলৈ সংকেট দিয়াৰ লগে লগে সুযোগ বুজি ট্ৰাকখনৰ চালকে এন্ধাৰৰ সুযোগ লৈ পলাই সাৰে। ইফালে জব্দকৃত অৰুণাচলী সুৰা খিনি বান্দৰদেৱা আৰক্ষী চকীত ৰখাৰ বাবে ঠাইৰ অভাৱত সমীপৱৰ্তী হাৰমতী আৰক্ষী চকীত মজুত ৰাখেহি। জব্দকৃত সুৰা খিনিৰ ভিতৰত টূবাগ, মেক ডল নং ১, অল্ড মাৰ্ক, আইকনিক আদি অৰুণাচলী বহু লাখ টকাৰ সুৰা কাৰ্টন জব্দ কৰে ৷

প্ৰেৰক মুকুল ভূঞা

Featured