একেদিনাই ২২হাজাৰ মেছেজ, বিপদত হিমন্ত বিশ্ব শৰ্মা!

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ আপোনাৰ ৱাটছ এপত এদিনত কিমান মেছেজ আহে এশ, দুশ, তিনিশ…..। কিন্তু একেদিনাই ২২ হাজাৰ মেছেজ মূৰ ঘূৰাই যোৱা ঘটনা! হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৱাটছ এপত আহিছে ২২ হাজাৰতকৈও অধিক মেছেজ।

মাজবাটৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত নিজৰ ফোন নম্বৰ দিছিল সভাত থকা জনতাক। কিন্তু ফোন কৰাৰ বিপৰীতে ৱাটছ এপত মেছেজ দিবলৈহে কৈছিল মন্ত্ৰীগৰাকীয়ে। তাৰপাছতে আজি সাংবাদিকৰ আগত নিজৰ মোবাইল ফোন দেখুৱাই মন্ত্ৰীগৰাকীয়ে কয় যে মই বৰ বিপদত পৰিছো। শুকুৰবাৰৰ পৰা মোৰ ফোনলৈ আহিছে

কিয় ৰাজহুৱাকৈ নম্বৰ দিছিল মন্ত্ৰীগৰাকীয়ে জানানে? BTAD অঞ্চলত কোনো লোক যদি বিপদত পৰে আৰু মোক যাতে এটা মোবাইলত মেছেজ দিয়ে আৰু আমি পুলিছ আদিক খবৰ দিব পাৰো। এতিয়া মই মোবাইটো খুলিব নোৱাৰা হৈ গলো। তেওঁ লগতে কয় যে এয়া আচলতে অসমৰ ৰাইজৰ বিজেপিৰ প্ৰতি মৰম। ইয়েই প্ৰমাণ কৰে যে অসমত বিজেপিৰ চুনামি আহি আছে।