ত্ৰিপাক্ষিক নিৰ্বাচনী যুদ্ধত কোনে মাৰিব শেষ হাঁহি?

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে এতিয়া যুদ্ধত নামিছে প্ৰতিটো নিৰ্বাচনী দল। বিজেপি বিপিএফ আৰু ইউপিপিএলৰ মাজত মূল যুদ্ধখন হোৱাৰ সম্ভাৱনাই অধিক।

প্ৰতিশ্ৰুতিৰ বন্যাতকৈ কথাৰ যুদ্ধখন আকৰ্ষণীয় হৈ পৰিছে জনতাৰ মাজত। আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ হোৱা নাই যদিও বিজেপি বিপিএফৰ কথাৰ যুদ্ধখন বেছ জমি উঠিছে।

আনহাতে চল্লিশখন আসনৰ বাবে কোনে পৰিষদীয় নিৰ্বাচনখনত সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম হব সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হব। কোনটো দলে কেইখন আসন পাব লগতে নতুনকৈ গঠিত হোৱা ইউপিপিএলে ৰাইজৰ মাজত সোমাবলৈ সক্ষম হবনে সেয়া নিশ্চিয়কৈ আকৰ্ষণীয় হ’ব।