ভয়াৱহ : বৰছলাত বনৰীয়া হাতীৰ সন্ত্ৰাস

🔹 উন্মত্ত হাতীৰ আক্ৰমণত বনকৰ্মীসহ চাৰিজন লোকৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ২৭ এপ্ৰিল : বৰছলা সমষ্টিৰ ধীৰাইমাজুলীত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই  বনকৰ্মীসহ চাৰিজন লোকক হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ মাতাল হাতীটোৱে বনকৰ্মীসহ চাৰিজন লোকক হত্যা কৰাৰ লগতে আৰু দুজন লোকক আক্ৰমণ কৰাৰ উপৰি এটা গৰু হত্যা কৰি অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ৷ ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে । ঘটনাৰ বিৱৰণী অনুসৰি, উন্মত্ত বনৰীয়া হাতীৰ আক্ৰমণত পোনপ্ৰথমে পুৱতি নিশা যতীন তাঁতী নামৰ এজন লোক নিহত হয় । আজি পুৱতি নিশা লোকজনে ঘৰৰ বাহিৰলৈ প্ৰস্ৰাৱ কৰিবলৈ আহোঁতেই বনৰীয়া হাতীটোৱে আক্ৰমণ কৰাত লোকজন থিতাতে নিহত হয় ৷ আনহাতে, উন্মাদ হোৱা বনৰীয়া হাতীটোক নিৰাপদ দূৰত্বলৈ খেদি পঠিয়াবলৈ ঘটনাস্থলীত উপস্থিত হৈ চেৰাগুলী মাৰি আগবাঢ়ি যাওঁতেই আমাৰীবাৰী ৰেঞ্জৰ বন বিভাগৰ দুজন বনকৰ্মী কোলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা বনৰীয়া হাতীটোৰ আক্ৰমণত থিতাতে নিহত হয় । তিনিজন লোকক হত্যা কৰাৰ পিছতেই উন্মাদ হাতীটোৱে বৰছলা সমষ্টিৰ চুটি পাহাৰৰ দিশে গৈ আন এজন লোকক হত্যা কৰে ৷ বৰ্তমানলৈ উন্মত্ত হাতীটোৱে চাৰিজন লোকক নিধন কৰি চুটি পাহাৰৰ দিশে অগ্ৰসৰ হৈ আৰু দুজন লোকক আক্ৰমণ কৰাৰ লগতে গৰু-ছাগলীক আক্ৰমণ কৰি সন্ত্ৰাস সৃষ্টি কৰিছে । ঘটনাস্থলীত বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু উপস্থিত হোৱাৰ লগতে শোণিতপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া DFO WILDLIFE পিৰাই সোধন উপস্থিত হোৱাৰ লগতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে । বৰ্তমানলৈকে বৃহত্তৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হোৱাৰ লগতে তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured