আৰবিআইৰ তথ্য মতে দেশত ৬০০তকৈ অধিক ভুৱা মানী লেণ্ডিং এপ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ ডিজিটেল যুগৰ গইনা লৈ দেশবাসীক লুণ্ঠনৰ সুযোগ লৈছে একাংশ বেআইনী বিত্তীয় প্রতিষ্ঠানে৷ এনড্রইড ম’বাইলৰ এপৰ জৰিয়তে ঋণ, তাৎক্ষণিক ঋণ আৰু শীঘ্রে ঋণ দিয়াৰ প্রলোভনেৰে একাংশ অসাধু ব্যৱসায়ীয়ে গ্রাহকক লুণ্ঠন চলাই আছে৷ দেশত ৬০০তকৈ অধিক ভুৱা তথা বেআইনী মানী লেণ্ডিং (ধন ধাৰ দিয়া) এপ চলি থকাৰ ভয়ংকৰ তথ্য ভাৰতীয় ৰিজার্ভ বেংকে প্রকাশ কৰিছে৷

গ্রাহকক সজাগ আৰু সকীয়নি বার্তাৰে আৰ বি আয়ে এই তথ্য প্রকাশ কৰিছে৷ আৰ বি আইৰ প্রতিবেদন মতে, এনড্রইড ম’বাইলত প্রায় ১,১০০ মানী লেণ্ডিং এপ চলি আছে৷ ইয়াৰ ভিতৰত ৬০০তকৈ অধিক বেআইনী তথা ভুৱা এপ৷ ডিজিটেল লেণ্ডিঙক লৈ আৰ বি আইৰ ৱর্কিং গ্রুপে প্রকাশ কৰা প্রতিবেদনত দেশত চলি থকা বেআইনী লেণ্ডিং এপৰ তথ্য পোহৰলৈ আহিছে৷

উল্লেখ্য যে ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰী, ২০২১ চনৰ ভিতৰতে ৮০তকৈ অধিক এপ্লিকেচন ষ্ট’ৰত ১,১০০ লেণ্ডিং এপ মজুত আছে৷ দেশজুৰি চলি থকা এই বেআইনী এপ সন্দর্ভত গ্রাহকৰ পৰা অভিযোগ লাভৰ বাবে আৰ বি আয়ে ডিজিটেল লেণ্ডিং এপ্ছেৰে আৰ বি আয়ে পৃথক প’র্টেল ‘সছেট’ মুকলি কৰিছে৷ এই সছেটত বৃহৎ পৰিমাণে লেণ্ডিং এপৰ অভিযোগ লাভ কৰিছে৷ ২০২০ জানুৱাৰীৰ পৰা ২০২১ৰ মার্চলৈকে প্রায় ২,৫৬২ অভিযোগ লাভ কৰিছে৷

এই অভিযোগসমূহত আৰ বি আইৰ অনুমতি অবিহনে বিত্তীয় প্রতিষ্ঠানে লেণ্ডিং এপ চলাই থকাটো ধৰা পৰে৷ লেণ্ডিং এপক লৈ অভিযোগ সর্বাধিক লাভ কৰিছে মহাৰাষ্ট্রৰ পৰা৷ তালিকাৰ শীর্ষত থকা মহাৰাষ্ট্রত এনে অভিযোগ ৫৭২, কর্ণাটকত ৩৯৪ আৰু ৰাজধানী দিল্লীত ৩৬২টা অভিযোগৰ গোচৰ ৰুজু হৈছে৷