লামডিঙত নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীৰ অংশস্বৰূপে আজি লামডিং সমষ্টিত নতুন হিতাধিকাৰীৰ মাজত কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত সৰ্বমুঠ ৪০,৩৫৮জন নতুন হিতাধিকাৰীক ৫,খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। সমষ্টিটোৰ ১নং কাকী ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিতৰণী অনুষ্ঠানটোত বিধায়ক শিবু মিশ্ৰৰ লগতে জিলা উপায়ুক্ত লাচিত কুমাৰ দাস আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক প্ৰণৱ বৰা

Featured