২০০০ টকীয়া নোট জমা দিবলৈ নালাগে পৰিচয় কার্ড

নিয়মীয়া বাৰ্তা, ২২ মে’: ২০০০ টকীয়া বাতিলৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছৰে পৰা সাধাৰণ জনতাৰ মনত উদয় হৈছে বিভিন্ন প্রশ্ণ৷ কিধৰণে বেংকলৈ গৈ নোট সলনি কৰিব লাগিব, সেই প্রক্রিয়াক লৈ সৃষ্টি হৈছে সাধাৰণ মানুহৰ মনত কৌতূহল৷ এনে পৰিস্থিতিত ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)ৰ তৰফৰ পৰা আজি ঘোষণা কৰা হৈছে যে আধাৰ কার্ডৰ দৰে কোনো পৰিচয় কার্ড অবিহনে ২০০০ টকীয়া নোট জমা কৰিব পাৰিব গ্রাহকসকলে৷ নোট জমা কৰিবলৈ কোনোধৰণৰ পৃথক ফর্মো ফিলাপ কৰিব নালাগে গ্রাহকসকলে৷ উল্লেখনীয় যে নোট বেংকত জমা দিয়াৰ প্রক্রিয়াক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ভুল তথ্য বিয়পি পৰিছে৷ সাধাৰণ গ্রাহকসকলে যাতে সেই তথ্যসমূহত বিভ্রান্ত নহয়, তাৰ বাবে বিশেষ নির্দেশিকা জাৰি কৰিছে এছবিআয়ে৷ কোনোধৰণৰ ৰিকুইজিচন শ্লিপ অবিহনেই গ্রাহকসকলে বেংকত ২০০০ টকীয়া নোট জমা দিব পাৰিব৷