বৃহৎ লোকচানৰ সন্মুখীন মুকেশ আম্বানি, ধনাঢ্যৰ তালিকাত নামিল নৱম স্থানলৈ

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰ নিম্নগামী হোৱাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে মুকেশ আম্বানি। প্ৰায় ৫০,০০০ কোটি টকাৰ লোকচান হৈছে আম্বানিৰ। এই লোকচানৰ বাবে আম্বানি বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ ষষ্ঠ স্থানৰ পৰা অৱনমিত হৈ পাইছে নৱম স্থান। উল্লেখ্য, বিগত বছৰৰ তুলনাত এই বছৰ আম্বানিৰ ব্যৱসায়িক আয়ো ১৫ শতাংশ কম হৈছে। ইয়াৰ ফলত কোম্পানীটোৰ শ্বেয়াৰ নামিবলৈ ধৰে। সোমবাৰে কোম্পানীটোৰ শ্বেয়াৰ ৮.৬২ শতাংশলৈ নামি ১৮৭৭ টকা হৈছিল। আজিও এনে ধাৰা অব্যাহত আছে।