৭০ হাজাৰ কর্মী নিয়োগ, পূজাৰ আগত বৃহৎ সিদ্ধান্ত ফ্লিপকার্টৰ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ এয়া উৎসৱৰ বতৰ৷ মন–প্রাণ হৰি নিয়া শৰৎ আহিলেও পিছে মন ফৰকাল নহয় ৰাজ্যবাসীৰ৷ ক’ৰোনা মহামাৰী দুৰ্যোগৰ এই সময়তো অনলাইন কিনাবেচা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভৱণা। সেই আশা আগত ৰাখিয়ে এইবাৰ বৃহৎ সংখ্যাৰ কর্মী নিয়োগৰ সিদ্ধান্ত ল’লে ই-কমাৰ্ছ সংস্থা ফ্লিপকার্টে। উৎসৱৰ দিনত গ্রাহকক সেৱা আগবঢ়াবলৈ ৭০ হাজাৰ কর্মী নিয়োগ কৰা হ’ব বুলি জনাইছে ফ্লিপকার্টে।

চলিত বৰ্ষত লকডাউনৰ বাবে অনলাইন ক্রেতাৰ সংখ্যা বৃদ্ধি হৈছে। এই পৰিস্থিতিত ফ্লিপকার্টে আশা কৰিছে ব্যৱসায় সুন্দৰ হ’ব।

ফ্লিপকার্টেই নহয়, ক’ৰোনা মহামাৰীৰ এই সময়ত আন আন অনলাইন ব্যৱসায়সমূহ ভাল হৈ উঠিব বুলি অন্যান্য ই-কমাৰ্ছ সংস্থাসমূহেও কর্মীৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। চলিত বছৰেই ডেলিভাৰী-সহ অন্যান্য গ্রাহক সেৱাৰ বাবে আমাজনে ভাৰতত ৭০ হাজাৰৰো অধিক অস্থায়ী কর্মী নিয়োগ কৰিছে। এবাৰ একেদৰেই কর্মী সংখ্যা বৃদ্ধি কৰিলে ফ্লিপকার্টেও। সংস্থাটোৱে জনোৱা মতে, অসমৰ নগাঁৱৰ পৰা কেৰালাৰ কান্নুৰলৈকে সর্বত্র সেৱা আগবঢ়োৱাৰ লক্ষ্য তেওঁলোকৰ।