জুন মাহত জিএছটি সংগ্রহ ৯২,৮৪৯ কোটি টকা

নিয়মীয়া বাৰ্তা ৭ জুলাইঃ  আঠ মাহৰ পিছত জি এছ টি সংগ্রহ এক লাখৰ তললৈ নামিল৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে জুন মাহত জি এছ টি সংগ্রহ হৈছে ৯২,৮৪৯ কোটি টকা৷ এই সংগৃহীত জি এছ টিৰ ভিতৰত চি জি এছ টি ১৬,৪২৪ কোটি, এছ জি এছ টি ২০,৩৯৭ কোটি, আই জি এছ টি ৪৯,০৭৯ কোটি টকা৷ তেনেদৰে ৬,৪৯৪ কোটি টকা উপ–কৰ সংগ্রহ কৰা হৈছে৷ ইয়াৰে ভিতৰত ৮০৯ কোটি টকা আমদানি কৰ আছে৷

উল্লেখ্য যে ২০২১ চনৰ ৫ জুনৰ পৰা ৫ জুলাইলৈকে জি এছ টি সংগ্রহ কৰা হৈছে৷ কৰদাতাসকলক বিভিন্ন ক্ষেত্রত সকাহ দিয়াৰ কাৰণেই জি এছ টি সংগ্রহত কিছু প্রভাৱ পৰিছে বুলি বিত্ত মন্ত্রালয়ৰ বিবৃতিত প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে যোৱা মে’ মাহলৈকে ক্রমাগত আঠ মাহ জি এছ টি সংগ্রহ এক লাখতকৈ অধিক হৈ আছিল যদিও জুন মাহত জি এছ টি ক’ভিড–১৯ প্রতিবন্ধকতাৰ প্রভাৱৰ বাবে এক লাখৰ তললৈ নামিছে৷ অৱশ্যে বিগত বর্ষৰ জুন মাহৰ তুলনাত চলিত বর্ষৰ জুন মাহৰ জি এছ টি সংগ্রহ দুই শতাংশ বেছি৷