নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ বিশ্বৰ প্রথমগৰাকী ২০০ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তিৰ স্বত্বাধিকাৰী হ’ল আমাজনৰ জেফ বেজ’ছ৷ বিশ্বৰ ১ নম্বৰ ধনাঢ়্য ব্যক্তি জেফ বেজ’ছৰ সম্পত্তিৰ পৰিমাণে কালি প্রথমবাৰৰ বাবে ২০০ বিলিয়ন মার্কিন ডলাৰ অতিক্রম কৰে আৰু তেওঁ এই কৃতিত্বৰ অধিকাৰী হোৱা প্রথম ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰে৷ বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি বিল গেটছতকৈ প্রায় ৯০ বিলিয়ন মার্কিন ডলাৰৰ অধিকৰ মালিক জেফ বেজ’ছে ১৯৮৬ চনত প্রিন্সষ্টন বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্রিকেল ইঞ্জিনীয়াৰিং আৰু কম্পিউটাৰ ছায়েন্সত ডিগ্রী গ্রহণ কৰি মিয়ামিত বসবাস কৰিবলৈ লয়৷
এলবুকুৰকিউত জন্মলাভ কৰা বেজ’ছ হিউষ্টনত ডাঙৰ–দীঘল হৈছিল৷ ৱাল ষ্ট্রীটত ১৯৮৬ চনৰ পৰা বিভিন্ন ক্ষেত্রত কাম কৰি পিছলৈ ১৯৯৪ত আমাজন প্রতিষ্ঠা কৰে আৰু এতিয়া আমাজন হৈছে বিশ্বৰ সবাতোকৈ বিশাল ই–কম৷ ৱাশ্বিংটন প’ষ্ট নিউজ পেপাৰৰ স্বত্বাধিকাৰী হোৱাৰ লগতে বেজ’ছৰ ব্লু অ’ৰিজিন নামৰ এৰ’স্পেচ নামৰ কোম্পানীও আছে৷