কেনেকৈ ৩ টকাত লাভ কৰিব জিঅ’ৰ ১ জিবি ডাটা!

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টম্বৰঃ   টেলিকম জগতত ৰিলালেন্স জিঅ’ই একক আধিপত্য বিস্তাৰ কৰি আহিছে। গ্ৰাহক সকলক সন্তুষ্ট কৰিবলৈ বিভিন্ন সময়ত সস্তীয়া প্লেনেৰে ডাটা গ্ৰাহক সকলক প্ৰদান কৰি আহিছে। তাৰ মাজতে জিঅ’ই গ্ৰাহক সকলৰ বাবে আনিছে পানীৰ দৰত ৰিচাৰ্জ প্লেন। এই প্লেনত মাত্ৰ ৩টকাতে লাভ কৰক ১ জিবি হাইস্পীড ডাটা।

ৰিলায়েন্স জিঅ’ৰ এই প্লেনটো মূল্য ৫৯৯ টকা। গ্ৰাহকে প্ৰতিদিনে পাব ২ জিবি হাইস্পীড ডাটা। বৈধতা থাকিব ৮৪ দিনৰ। সেই হিচাপত যদি দেখা যায় ১ জিবি ডাটাৰ কাৰণে মাত্ৰ তিনি টকা খৰচ কৰিব লাগিব গ্ৰাহকে।
আনহাতে এই প্লেনটোত কেৱল জিঅ’ৰ গ্ৰাহক সকলে লাভ কৰিব আনলিমিটেড কলিং।  আন নেটৱৰ্কলৈ ৩০০০ মিনিট বিনামূলীয়া টক টাইম লাভ কৰিব গ্ৰাহসকলে।