নেডফিৰ বার্ষিক উপার্জন ১৬.৯৭ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ নর্থ–ইষ্টার্ন ডেভেলপমেণ্ট ফাইনেঞ্চ কর্প’ৰেচন লিমিটেড (নেডফি)ৰ ২৬সংখ্যক বার্ষিক সাধাৰণ সভা অলপতে গুৱাহাটীৰ কার্যালয়ত অনুষ্ঠিত হয়৷ এই সভাতে ২০২০–২১ বর্ষৰ বার্ষিক প্রতিবেদন দাখিল কৰা হয়৷ সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দি নেডফিৰ মুখ্য পৰিচালন সঞ্চালক পি ভি এছ এল এন মূর্তিয়ে বছৰটোত প্রতিষ্ঠানটোৰ বিভিন্ন সফলতাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ প্রকাশ কৰা অনুসৰি ক’ভিডৰ কঠিন পৰিস্থিতিৰ মাজতো অব্যাহত ৰখা কঠোৰ পৰিশ্রম আৰু ধাৰাবাহিক প্রচেষ্টাই প্রতিষ্ঠানটোৰ বিকাশত সহায় কৰিছে৷

২০২০–২১ বিত্তীয় বর্ষত নেডফিয়ে অঞ্চলটোত ১৭–১৮ কোটি টকা মূলধনী বিনিয়োগ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ তদুপৰি বিগত বর্ষৰ তুলনাত ২১ বিত্তীয় বর্ষত নেডফিৰ মুঠ উপার্জন ১৬.৯৭ শতাংশলৈ বৃদ্ধি পাইছে৷ এই বিত্তীয় বর্ষত নেডফিৰ মুঠ উপার্জন হৈছে ১৮৪.৮৪ কোটি টকা৷ তদুপৰি কর্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত প্রতিষ্ঠানটোৱে মহিলা সবলীকৰণ, জীৱিকা বৃদ্ধি প্রকল্প, নিয়োগৰ সম্ভাৱনীয়তা থকা বৃত্তিগত প্রশিক্ষণ তথা গ্রামাঞ্চল আৰু পিছপৰা অঞ্চলসমূহৰ শিল্পখণ্ড বিকাশৰ ক্ষেত্রত বিশেষভাৱে কাম কৰি আহিছে৷ বিভিন্ন প্রদর্শনী, বাণিজ্য মেলা, বিক্রীকেন্দ্র আদিৰ জৰিয়তে কর্প’ৰেচনে শিল্পীসকলক সহায় কৰি আহিছে৷