লকডাউনত সকলোৰে প্ৰিয় হৈ উঠিল Maggi, পূৰ্বতকৈ বৃদ্ধি হ’ল বিক্ৰী

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ দেশত ক’ৰোনা সংহাৰক প্ৰতিৰোধৰ বাবে ২৩ মাৰ্চৰ পৰা বলবৎ হৈছিল সম্পূৰ্ণ লকডাউন । যাৰ পাছতে দেশৰ প্ৰায় সংখ্যক লোকেই একপ্ৰকাৰ গৃহবন্দি হৈ পৰিছিল । একপ্ৰকাৰ ক’ৰোনাই যেন সকলোকে নিজৰ পৰিয়ালক, ঘৰখনক কিছু সময় দিয়াৰ অৱকাশ দিছিল ।

অৱশ্যে এই গৃহবন্দিত্বৰ সময়ছোৱাত ছ’চিয়াল মিডিয়াত বিশেষ জনপ্ৰিয় হৈছিল নতুন নতুন ৰেচিপি । কিছুসংখ্যক ফেচবুক ব্যৱহাৰকাৰীয়ে নিজে প্ৰস্তুত কৰা খাদ্যৰ ফটো ফেচবুকত প্ৰচাৰ কৰাও দেখা গৈছিল ।

এই কঠিন সময়ছোৱাত গৃহবন্দি একাংশৰ পচন্দৰ খাদ্য হৈ পৰিছিল মেগি ।

নেছলেই জনাইছে, লকডাউনৰ সময়ছোৱাত পূৰ্বতকৈ বৃদ্ধি পাইছে মেগিৰ বিক্ৰী সংখ্যা । সেই অনুসৰি পূৰ্বতকৈ ২৫ শতাংশ বিক্ৰী বৃদ্ধি ঘটিছে মেগিৰ ।

বৰ্তমান সময়ত বজাৰত নতুন নতুন সোৱাদ বিশিষ্ট বিস্কুট প্ৰস্তুত হৈছে । মিঠা, নিমখীয়া সোৱাদৰ বিস্কুটৰ বহুল সমাদৰ বাবে Parle G কোম্পানীটো লোকচানৰ সন্মুখীন হৈ আহিছিল । কিন্তু এই লকডাউনৰ সময়ত আচৰিত ভাৱে ‘পাৰলে জি’ৰ প্ৰতি মানুহৰ টান অনুভৱ ঘটিল । যাৰ ফলত পূৰ্বৰ বিক্ৰীৰ সকলো অভিলেখ ভংগ কৰি ‘পাৰলে জি’ও লকডাউনত সফলতাৰে বজাৰত পুনৰ থিয় দিবলৈ সক্ষম হৈছে ।

ইপিনে নেছলেৰ পৰিচালন সঞ্চালক সুৰেশ নাৰায়নে কয় যে- কোম্পানীটোৰ পাঁচটা কাৰখানাত বৰ্তমান মেগি উৎপাদনৰ কাম তীব্ৰতৰ কৰি তুলা হৈছে । যাতে বজাৰত মেগিৰ চাহিদা অনুসৰি যোগান শেষ হৈ নাযায় ।