ছেনছেক্সত খহনীয়াঃ ৯০০ পইণ্ট নিম্নগামী; এদিনতে বিনিয়োগকাৰীয়ে হেৰুৱালে ৩.৮ লাখ কোটি টকা

  •  দুদিনত ছেনছেক্স ১৫০০ পইণ্ট নিম্নগামী বিনিয়োগকাৰীৰ লোকচান প্রায় সাত লাখ কোটি টকা

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ বিলিয়নাৰ গৌতম আদানি অর্থনৈতিক কেলেংকাৰি হিণ্ডেনবার্গ ৰিছার্চে ৰাজহুৱা কৰাৰ পাছতে ভাৰতৰ শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত আছে৷ আজি শ্বেয়াৰ বজাৰত আৰম্ভ হোৱাৰ পাছতে ছেনছেক্সৰ খহনীয়া আৰম্ভ হৈ বজাৰ সামৰণি পৰালৈকে ছেনছেক্স ৯০০তকৈ অধিক পইণ্ট নিম্নগামী হয়৷ কালিও ছেনছেক্স নিম্নগামী হৈ অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে৷ আজিৰ দিনটোত শ্বেয়াৰ বজাৰৰ খহনীয়াৰ ফলত ছেনছেক্স আৰু নিফটী উভয়ে লোকচানৰ সন্মুখীন হয়৷ আজিৰ দিনটোতে বিনিয়োগকাৰীয়ে ৩.৮ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে যোৱা দুটা দিনত ছেনছেক্স ১৫০০ পইণ্ট নিম্নগামী হৈ দুদিনতে বিনিয়োগকাৰীয়ে প্রায় সাত লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷ আজি ছেনছেক্স ১.৪৬ শতাংশ আৰু নিফটীয়ে ২.৭১ শতাংশ লোকচানৰ সন্মুখীন হৈছে৷

বিনিয়োগকাৰীয়ে ৩.৮ লাখ কোটি টকা হেৰুওৱাৰ ফলত বি এছ ই বজাৰৰ মূলধন ২৬১.৪ লাখ কোটিলৈ হ্রাস পাইছে৷ মন কৰিবলগীয়া যে অকল ভাৰতৰ শ্বেয়াৰ বজাৰেই নহয়, আন্তর্জাতিক শ্বেয়াৰ বজাৰতো খহনীয়া হৈছে৷ ২০২৩ চনৰ ভিতৰত আজিৰ দিনটোতে ৱালষ্ট্রীটৰ ছেনছেক্স অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে৷ এছ এণ্ড পি ৫০০ দুই শতাংশ হ্রাস পাইছে৷ ই হৈছে বিগত বর্ষৰ ডিচেম্বৰ মাহৰ পাছত সর্বনিম্ন৷ তাৎপর্যপূর্ণ যে চলিত বর্ষৰ আৰম্ভৰে পৰা বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বিক্রী কৰিবলৈ আৰম্ভ কৰে৷ এতিয়ালৈকে বিদেশী বিনিয়োগকাৰীয়ে ৩.৩৭ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ শ্বেয়াৰ বিক্রী কৰিছে৷ ২০২২ চনত বিদেশী বিনিয়োগকাৰীৰ ভাৰতীয় শ্বেয়াৰ বজাৰত মূলধন আছিল ১৭.২১ বিলিয়ন মার্কিন ডলাৰ৷ চলিত বর্ষত ৩.৩৭ বিলিয়ন মার্কিন ডলাৰ বিক্রী কৰাত বিদেশী বিনিয়োগকাৰী ভাৰতীয় শ্বেয়াৰ বজাৰত মূলধন ১৩.৮৪ বিলিয়ন মার্কিন ডলাৰ হৈছে৷ শ্বেয়াৰ বজাৰৰ খহনীয়াৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজার্ভ বেংকে নতুন নীতি অর্থাৎ বিদেশী বিনিয়োগকাৰীৰ সমর্থনত নতুন সিদ্ধান্ত গ্রহণ কৰাৰ ইংগিত দিছে৷

Featured