প্রথমবাৰলৈ ৬৯ হাজাৰ পইণ্ট অতিক্রম ছেনছেক্স, নিফ্টীৰো অভিলেখ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ আন্তর্জাতিক বজাৰ আৰু টেলিকম খণ্ডত মোদী চৰকাৰৰ সংস্কাৰৰ ইতিবাচক প্রভাৱত দেশীয় শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান ঘটিছে৷ বি এছ ই ছেনছেক্স আৰু নিফ্টীয়ে আজি বজাৰ সামৰণি পেলায় নতুন অভিলেখেৰে৷ বি এছ ই ছেনছেক্স প্রথমবাৰলৈ ৬৯ হাজাৰ পইণ্ট অতিক্রম কৰি অভিলেখ গঢ়াৰ সমান্তৰালকৈ নিফ্টীও সর্বকালৰ শিখৰত উপনীত হৈছে৷ আজি বজাৰ আৰম্ভ হোৱাৰ লগে লগে বি এছ ই ছেনছেক্স ঊর্ধ্বগামী হ’বলৈ ধৰে আৰু এই ধাৰা অব্যাহত থাকি ০.৭১ শতাংশ তথা ৪১৭.৯৬ পইণ্ট ঊর্ধ্বগামী হৈ ৫৯,১৪১.১৬ত বজাৰ সামৰণি মাৰে৷ তেনেদৰে নিফ্টী ৫০ ইনডেস্কৰ বজাৰ সামৰণি পৰে ০.৬৩ শতাংশ তথা ১১০.০৫ পইণ্ট বৃদ্ধিৰে ১৭,৬২৯.৫০ পইণ্টত৷ নিফ্টীৰ এয়া হৈছে নতুন অভিলেখ৷

উল্লেখ্য যে ষ্টক মার্কেটৰ উত্থানত সর্বাধিক লাভান্বিত হয় আই টি চি, ৰিলায়েন্স ইণ্ডাষ্ট্রী আৰু এছ বি আই৷ তেনেদৰে ইণ্ডাছইণ্ড বেংক, কোটাক মহিন্দ্র বেংক, আই চি আই চি আই বেংক, আই অ’ চি, হিৰ’ মটোকর্প, এক্সিছ বেংক, এইচ ডি এফ চি লাইফ, এছ বি আই লাইফ ইন্সি’ৰেঞ্চ, বাজাজ অ’টো, পাৱাৰগ্রিড কর্প, এইচ ডি এফ চি বেংক আদি লাভান্বিত হৈছে৷

মন কৰিবলগীয়া যে শ্বেয়াৰ বজাৰৰ অভাৱনীয় উত্থানৰ বাবে বি এছ ইৰ তালিকাভুক্ত শ্বেয়াৰৰ বজাৰ মূলধন ২৬১ লাখ কোটিলৈ বৃদ্ধি পাইছে৷

Featured