গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ

নিয়মীয়া বাৰ্তা, ১৯জুনঃ ৰাজ্যত অব্যাহত থকা জলপ্রলয়ৰ প্রতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা পুনৰ বন্ধ কৰা হ’ল গুৱাহাটী–ডত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা৷ ৰাজ্যত হোৱা প্রবল বৃষ্টিপাতৰ ফলত হতিমধ্যে ওফন্দি ডঠা ব্রহ্মপুত্রৰ পানীয়ে কেহবাখনো জিলা প্লাৱিত কৰিছে৷ হতিমধ্যে বিপদসীমাৰে বোৱা ব্রহ্মপুত্রৰ জলস্তৰ বঢ়াৰ লগে লগে সষ্টম হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ৷ বিশেষকৈ ব্রহ্মপুত্রৰে তীব্রবেগত ডটি অহা জাবৰ তথা কাঠৰ কুন্দাহ যাত্রীবাহী ফেৰীত খুন্দিওৱাৰ ফলত হ’বপৰা বিপদৰ প্রতি লক্ষ্য ৰাখিয়েহ দেওবাৰৰ পুৱাৰ পৰা পৰৱর্তী ঘোষণা নকৰালৈকে প্রযোজ্য হৈ থাকিব ফেৰীসেৱা বন্ধৰ নির্দেশনা৷ গুৱাহাটীলৈ অহা আৰু গুৱাহাটীৰ পৰা ডত্তৰপাৰলৈ যোৱা বুজনসংখ্যক যাত্রীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি ফেৰীৰ পৰিৱর্তে বাছৰ সংখ্যা বঢ়াহ বিকল্প ব্যৱস্থাৰ চিন্তা–চর্চা কৰা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াহ৷ ব্রহ্মপুত্রৰ জলস্তৰ নিম্নগামী হ’লেহে এহ নিষেধাজ্ঞা আঁতৰোৱা হ’ব বুলি জনায়৷